অসমত নতুনৈ হ'ব ৫ খন সৈনিক স্কুল, ৪০ খন মহাবিদ্যালয়...
অসমত নতুনৈ হ'ব ৫ খন সৈনিক স্কুল, ৪০ খন মহাবিদ্যালয়... 
শিক্ষা

অসমত নতুনৈ হ'ব ৫ খন সৈনিক স্কুল, ৪০ খন মহাবিদ্যালয়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চলিত বছৰৰ পৰা অসমত আৰম্ভ হ'ব সংশোধিত ৰাষ্ট্ৰীয় শিক্ষানীতি। সেই অনুসৰি অসমত চলিত বছৰৰ পৰাই আৰম্ভ হ'ব ৪ বছৰীয়া এণ্টিগ্ৰেটেড ডিগ্ৰী পাঠ্যক্ৰম। ইয়াৰোপৰি ৰাজ্যত নিৰ্মাণ হ'ব ৪০ খন মহাবিদ্যালয়।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, শিক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ যি চিন্তাৰে আগুৱাই গৈছে, সেই চিন্তাৰে অসমৰ শিক্ষা বহুদূৰ আগুৱাই গৈছে। এই বছৰত অসম চৰকাৰৰ লক্ষ্য হ'ব অসমৰ হাইস্কুল বোৰৰ ৰূপান্তৰ।

৫ কোটিৰ পৰা ১০ কোটি টকা প্ৰদান কৰি নতুনকৈ আধুনিক ভাৱে নিৰ্মাণ কৰিব অসমৰ হাইস্কুলবোৰ। প্ৰথম পৰ্যায়ত প্ৰায় ৫০০ হাইস্কুলক সামৰি ল'ব চৰকাৰে। আনহাতে অসমত নতুনকৈ নিৰ্মাণ কৰা হ'ব বহুকেইখন মহাবিদ্যালয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা অনুসৰি ৰাজ্যত নতুনকৈ নিৰ্মাণ কৰা হ'ব প্ৰায় ৪০ খন মহাবিদ্যালয়।

ইফালে অসমত আৰু ৫ খন সৈনিক স্কুল স্থাপন কৰাৰো পৰিকল্পনা লৈছে ৰাজ্য চৰকাৰে। ইয়াৰ বাবে সৈনিক চ'ছাইটি নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। নতুনকৈ নিৰ্মাণ হ'বলগীয়া এই ৫ খন সৈনিক স্কুল সম্পূৰ্ণ নিজা খৰছত নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে।

এই সৈনিক স্কুল কেইখনত কেন্দ্ৰীয় চৰকাৰৰ কোৱালিটি কণ্ট্ৰ'লহে থাকিব। খৰচ সম্পূৰ্ণ ৰাজ্য চৰকাৰে বহন কৰিব। আনহাতে ইতিপূৰ্বে ঘোষণা কৰা ৬ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নিতকৰণৰ যি সিদ্ধান্ত আছিল সেই সিদ্ধান্তকো কাৰ্যকৰী কৰাৰ বাবে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ বিধানসভাত এই সন্দৰ্ভত আইন পাছ কৰিব ৰাজ্য চৰকাৰে।