সমালোচনাৰ অগনিত সোণ হৈ জিলিকিল ৰিয়ান...
সমালোচনাৰ অগনিত সোণ হৈ জিলিকিল ৰিয়ান... 
বিশেষ লেখা

সমালোচনাৰ অগনিত সোণ হৈ জিলিকিল ৰিয়ান...

তুষাৰ প্ৰতিম

উৎফুল্লিত হ'ব লাগে কিন্তু অত্যুৎসাহী হ'ব নালাগে। এদিনৰ কাৰণে হ'লেও অসমক গৌৰৱত বুকু ফিন্দাব পৰাকৈ ৰিয়ান পৰাগে আই পি এলৰ বৃহস্পতিবাৰৰ মেচত যি প্ৰদৰ্শন দাঙি ধৰিলে সেই প্ৰদৰ্শনে সকলোকে অতি আনন্দিত কৰি তুলিছে।

আনন্দিত হোৱাৰে কথা। কিন্তু এতিয়াও ৰিয়ানৰ সন্মুখত আছে এক দীঘলীয়া বাট। এইবাৰৰ আই পি এল ছিজনৰ মাত্ৰ ২ খন মেচহে খেলিছে তেওঁ। সেয়ে ৰিয়ান প্ৰসংগত আমি অতি উৎসাহিত হোৱাৰ বিপৰীতে তেওঁক নিজৰ মতে খেলিবলৈ এৰি দিব লাগে।

এক দীঘলীয়া ব্যৰ্থতাৰ অৱসান ঘটাইছে ৰিয়ান পৰাগে। এই দীঘলীয়া ব্যৰ্থতাৰ সময়ত ৰিয়ানক সমালোচনাৰে থকা-সৰকা কৰি দিয়া হ'ল। সামাজিক মাধ্যমত ট্ৰ'লৰ কোনো সীমা সংখ্যা নাই। জ্যেষ্ঠ তথা প্ৰাক্তন ক্ৰিকেটাৰৰো তীক্ষ্ণ বাক্যবাণ ৰিয়ানে সহিছে।

ৰিয়ানক সুযোগ দিয়াৰ বাবেই প্ৰাক্তন ক্ৰিকেটাৰে ৰাষ্ট্ৰীয় চেনেলত মুকলিকৈয়ে কৈছিল ৰাজস্থানে ৫ জন বেটছমেন, ৫ জন বলাৰ আৰু এজন ৰিয়ান পৰাগক লৈ মেচ খেলে। ইমানৰ পিছতো ৰিয়ানে সহ্য কৰিছে। সমালোচনাৰ অগনিত দগ্ধ হৈ নিজকে আজিৰ পৰ্যায়লৈ উন্নিত কৰিছে।

এইবাৰ আই পি এলত ৰিয়ানে 'ৰিয়ান পৰাগ ২.০' হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰথমখন মেচত ৰিয়ানৰ বেটৰ পৰা আহিছিল ২৯ বলত ৪৩ ৰাণ। দ্বিতীয়খন মেচত বৃহস্পতিবাৰে ৰিয়ানৰ বেটৰ পৰা আহিল ৮৪ ৰাণ। অন্তিম অভাৰত ৰিয়ানৰ বেটৰ পৰা আহিল ২৫ ৰাণ। তেওঁ মুঠ ৪৫ টা বলত কৰে ৮৪ ৰাণ।

ইয়াৰ পিছতে সমগ্ৰ ভাৰতৰ ক্ৰিকেট জগত ৰিয়ানময় হৈ পৰিছে। সকলোৱে প্ৰশংসাৰে উপচাই দিছে ৰিয়ানক। কি প্ৰাক্তন ক্ৰিকেটাৰ, কি ভাৰতীয় ক্ৰিকেট দলৰ সদস্য, ৰিয়ানৰ সতীৰ্থ অথবা অনুৰাগী। সকলোৰে মুখত কেৱল ৰিয়ানৰ নাম।

ৰিয়ানে চলিত আই পি এলৰ বাবে নিজকে তৈয়াৰ কৰিছিল। চাপ সহ্য কৰিব পৰাকৈ মানসিকভাৱে প্ৰস্তুত হৈছিল। তেওঁৰ অনুশীলনৰ পৰা আৰম্ভ কৰি সকলোতে আছিল 'ডিছিপ্লেইন'।

ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত ৰিয়ানক প্ৰত্যক্ষ কৰি বিশ্বৰ শ্ৰেষ্ঠ টি-২০ বেটছমেন সূৰ্য কুমাৰ যাদৱে নতুনকৈ আৱিষ্কাৰ কৰিছিল ৰিয়ানক। তেওঁ পূৰ্বে দেখা ৰিয়ানজন নাছিল এতিয়াৰ ৰিয়ান। এই কথা মুকলিকৈ লিখিছে সূৰ্য কুমাৰ যাদৱে।

প্ৰাক্তন ভাৰতীয় বেগী বলাৰ ইৰফান পাঠানেও পূৰ্বানুমান কৰিছিল এইবাৰ আই পি এলত ৰিয়ানে প্ৰভাৱ পেলাব। এইবাৰৰ ছিজন ৰিয়ানৰ বাবে হৈ পৰিব বিশেষ। তেওঁৰ পূৰ্বানুমান সঠিক হিচাপে বিবেচিত হৈছে। প্ৰথমখন মেচত দায়িত্বশীল ৪৩ ৰাণ আৰু দ্বিতীয়খন মেচত দলৰ বিপদৰ সময়ত ইনিংছ চম্ভালি কৰিলে ৮৪ ৰাণ।

ইৰফান পাঠানে ঘৰুৱা ক্ৰিকেটৰ খবৰ ৰাখে। ঘৰুৱা ক্ৰিকেটত ৰিয়ানে কেৱল ভালেই নহয়, ৰেকৰ্ড গঢ়া ইনিংছ খেলিছে। যোৱা ছিজনত দেওধৰ ট্ৰফীত ৫০ অভাৰৰ খেলত ৰিয়ানে গড়ে ৮৮.৫০ ৰাণকৈ মুঠ ৩৫৪ ৰাণ সংগ্ৰহ কৰিছে।

ছৈয়দ মুস্তাক আলী টি-২০ত ১০ খন মেচত গড় ৮৫ আৰু ১৮২ ষ্ট্ৰাইক ৰেটৰ সৈতে মুঠ ৫১০ ৰাণ সংগ্ৰহ কৰিছিল। ৰিয়ানে ধাৰাবাহিকভাৱে ৬ টা অৰ্ধশতক অৰ্জন কৰিও গঢ়িছিল ৰেকৰ্ড।

ঘৰুৱা ক্ৰিকেটত এইদৰে উজলি উঠা ৰিয়ানক নতুনকৈ আৱিষ্কাৰ কৰিছিল ইৰফান পাঠানে। সেয়ে আই পি এলৰ আৰম্ভণিৰ পূৰ্বেই ৰিয়ানক লৈ আশাবাদী আছিল পাঠান। বৃহস্পতিবাৰে ৰিয়ানে খেলা অনবদ্য ইনিংছৰ পাছত সেই ইৰফান পাঠানেই আকৌ ক'লে অহা দুবছৰত ৰিয়ানে খেলিব ভাৰতৰ হৈ। ৰিয়ানৰ বাবেই পুনৰ গুৰুত্ব বাঢ়িছে ঘৰুৱা ক্ৰিকেটৰ। পাঠানৰ লগতে ধাৰাভাষ্যকাৰ হৰ্ষা ভোগলেয়ে টানি আনিছে ঘৰুৱা ক্ৰিকেটৰ প্ৰসংগ।

পাঠানৰ সুৰতেই সুৰ মিলাইছে সুৰেশ ৰাইনায়ো। ৰিয়ানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে ৰাজস্থান ৰয়েলছৰ মেনেজমেণ্ট তথা প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাৰ। অধিনায় সঞ্জু চেমচনেও জানে ৰিয়ানৰ দক্ষতা। সেয়ে তেওঁক সুযোগ দি আহিছে। ১৭ বছৰ বয়সৰ পৰাই আই পি এল খেলা কিশোৰ ৰিয়ানক তেওঁলোকে আজিৰ ৰিয়ান হিচাপে সাজু কৰি তুলিছে। ৰিয়ানক সময়, সুযোগ সকলো দিছে।

পূৰ্বে ল'ৱাৰ অৰ্ডাৰত বেটিং কৰিবলৈ অহা ৰিয়ানক এইবাৰ মিডল অৰ্ডাৰত সুযোগ দিয়া হৈছে। ৪ নম্বৰত বেটিং কৰিবলৈ আহে ৰিয়ান। বেটিং ক্ৰমৰ ৪ নম্বৰ স্থান কিমান গুৰুত্বপূৰ্ণ সেয়া ক্ৰিকেট জনাসকলে জানে। সেয়ে ৰিয়ানৰ দায়িত্ব অধিক বৃদ্ধি পাইছে।

এতিয়া ৰিয়ানক ৰিয়ানৰ মতেই থাকিবলৈ, খেলিবলৈ এৰি দিয়াতো আমাৰ বাবে, অসমৰ বাবে ভাল হ'ব। ৰিয়ানৰ পৰা অধিক আশা কৰি মানসিক চাপ বৃদ্ধি কৰাৰ সময় নহয় এয়া। ভাৰতীয় দলত ৰিয়ানে স্থান পাব নে নাই সেয়া এতিয়াই কোৱা বা চৰ্চা কৰাৰ সময় নহয়।

ক্ৰিকেট অনিশ্চয়তাৰ খেল। ৰিয়ানৰ প্ৰদৰ্শনৰ এই ধাৰাবাহিকতা অব্যাহত থাকিলে কোনো শক্তিয়ে ৰিয়ানক ভাৰতীয় দলত প্ৰৱেশত বাধা দিব নোৱাৰে। ঘৰুৱা ক্ৰিকেটত ৰিয়ানে যি কৰিব লাগে সকলো কৰিছে। আই পি এলত ব্যৰ্থতাৰ ধাৰাবাহিকতা ভংগ কৰিছে। এতিয়া এই নতুন ধাৰাৰে খেলি থাকিলে ৰিয়ানে নিশ্চয় জাতীয় দললৈ আমন্ত্ৰণ লাভ কৰিব। অত্যাধিক চাপ সৃষ্টি কৰাত কৈ আমি এতিয়া সেই সময়লৈ অপেক্ষা কৰাই শ্ৰেয় হ'ব।