বিশেষ লেখা

ভাষা আৰু জাতিলৈ হেমকোষে অনা সুখ...

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

সকলোবোৰেই আছিল ব্যতিক্ৰম। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ তিৰোভাৱ তিথি আছিল ১ মে'ত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত থকা ভাষাৰ দেউলগৰাকীৰ প্ৰতিমূৰ্তিত প্ৰথমগছি বন্তি জ্বলাইছিল এজন সাধাৰণ যেন লগা অসাধাৰণ ব্যক্তিয়ে।

নাম তেওঁৰ ৰঞ্জিত শৰ্মা। ২০২৩ বৰ্ষৰ ৩১ জানুৱাৰীত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছপাশাল বিভাগৰ কৰ্মচাৰীৰূপে অৱসৰ লৈছিল। কিন্তু এইগৰাকী ৰঞ্জিত শৰ্মাই প্ৰায় ডেৰবছৰ ধৰি নিতৌ বিশ্ববিদ্যালয় চৌহদত থকা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত চাকি-বন্তি জ্বলাই আহিছে।

এইয়া তেওঁ কাৰোবাৰ আদেশ বা নিৰ্দেশ অনুসৰি কৰা নাই। অত্যন্ত সশ্ৰদ্ধাৰে ভাষাৰ ওজাগৰাকীক আৰধনা কৰাৰ সুযোগ তেওঁ এৰি দিয়া নাই। নলবাৰী মাজদিয়াৰ বৰজৰা গাঁৱৰ ৰঞ্জিত শৰ্মাই অনুভৱ কৰে তেওঁৰ এই কৰ্মই তেওঁৰ সন্তানৰ ওপৰত প্ৰভাৱ পেলাইছে।

বিশ্বাস কৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আশীৰ্বাদে তেওঁৰ দুই সন্তানক আগুৱাই যোৱাত সহায় কৰিছে। সেই প্ৰতিমূৰ্তিৰ কাষেৰে গ'লে তেওঁ মূৰ তল কৰি আগবাঢ়ে। এক প্ৰশান্তি আধ্যাত্মিক ভাৱেৰে তেওঁ মন ভৰি থাকে।

বিশ্ববিদ্যালয়ৰ পৰা গুছি যোৱাৰ পাছত হয়তো সেই কাম তেওঁৰ বাবে সম্ভৱ নহ'ব। কিন্তু ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তি অনৰ্গল তেওঁৰ হৃদয়ত বৈ থাকিব। জাতিটোৰ বাবেই ১ মে' ২০২৩ আছিল এটা গৌৰৱৰ দিন।

হেমচন্দ্ৰ বৰুৱাক লৈ, হেমকোষক লৈ, দেৱানন্দ বৰুৱাক লৈ, জয়ন্ত বৰুৱাক লৈ গৌৰৱ কৰাৰ ক্ষণ আছিল এয়া। সেই কথা গুণীজনে ক'লে। অসমীয়া ভাষাক জগত সভাত প্ৰতিষ্ঠা কৰিবলৈ বহুজনে বহু চেষ্টা কৰিছে। সেই চেষ্টাৰেই আনুষ্ঠানিক স্বীকৃতি আহিছিল হেমকোষৰ ব্ৰেইল সংস্কৰণৰ জৰিয়তে।

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান ৰূপে গীনিজ কৰ্তৃপক্ষই আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিলে। অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই সেই স্বীকৃতি গ্ৰহণ কৰিলে।

এই মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হ'ল অসমৰ নৱনিযুক্ত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া, দিল্লী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক ভাৰ্টেন্দু পাণ্ডে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ড০ প্ৰতাপ জ্যোতি সন্দিকৈ, বিশিষ্ট ভাষাবিদ ড০ বসন্ত গোস্বামী, শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা, অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকা, ড০ মালিনী গোস্বামী ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে।

সকলোৱে এই কথা ক'লে এক স্বৰ্ণীল যুগৰ সূচনা হ'ল আজিৰ এই দিনটোত। শব্দ ব্ৰহ্ম। সেই শব্দৰ সমাহাৰে হেমচন্দ্ৰ বৰুৱাৰ সেই সময়ৰ এই সৃষ্টিয়ে বিশ্বজুৰি যি খ্যাতি অৰ্জন কৰিলে সেই খ্যাতি যিকোনো জাতি বা ভাষাৰ বাবেই ঈৰ্ষণীয়।

গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই অুষ্ঠানত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰতিনিধি ঋষি নাথে স্বীকৃতি পত্ৰ প্ৰদান কৰাৰ পাছত আয়োজিত এই অনুষ্ঠানত বিজ্ঞান মনস্কতাৰে অসমীয়া জাতি আৰু ভাষাক প্ৰাণ দিয়া হেমচন্দ্ৰ বৰুৱাক স্মৰণ কৰিলে সকলোৱে।

প্ৰবাদ প্ৰতিম এই যুগদ্ৰষ্টাই এক নৱ জাগৰণৰ পোহৰ বিলাই অগ্ৰগামী ৰূপত যি চিন্তাৰ অন্বেষণ কৰিছিল সেই চিন্তাই আজি সাকাৰ ৰূপ পালে। চৌপাশৰ কুসংস্কাৰ আৰু স্থিতাৱস্থাৰ বিৰুদ্ধে তেওঁ জাতিৰ হকে ভাষাৰ লাইখুঁটা স্থাপন কৰিছিল।

তাহানিতেই তেওঁ বহন কৰা যুক্তি আৰু সিদ্ধান্তই জাতিৰ আৰু ভাষাক পোহৰৰ বাট দেখুৱাইছে। এখন আধুনিক সমাজ আৰু এটা সুস্থ ভাষা গঢ়াৰ ক্ষেত্ৰত তেওঁ আছিল স্থিতপ্ৰজ্ঞ। স্বাধীনচিতীয়া আৰু অন্যায়- অবিচাৰৰ হকে কঠোৰ স্থিতি গ্ৰহণ কৰি সমাজৰ কল্যাণৰ হকে উৰ্ছগা কৰিছিল তেওঁৰ জীৱন।

সেই সময়ত কানি বৰবিহে ছানি ধৰিছিল অসম। বিধৱা বিবাহৰ কথা কল্পনাই কৰিব নোৱাৰি। ৰক্ষণশীল সমাজত আছিল কেৱল বাধা। তেওঁ সেই সোঁতৰ বিপৰীতে গৈ ৰক্ষণশীল নীতি-নিয়ম ভাঙি মূল্যবোধৰ আধাৰত যুক্তিবাদী আৰু সংস্কাৰমুক্ত এখন সমাজ গঢ়িবলৈ চেষ্টা কৰি সফল হৈছিল।

তেওঁ এনে চিন্তাৰ গৰাকী আছিল যে মৃত্যুৰ পাছত তেওঁ নশ্বৰ দেহ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰাৰ সলনি হাবিত পেলাই দিবলৈ কৈ গৈছিল। তাৰ কাৰণ আছিল জীৱ-জন্তুয়ে তেওঁৰ দেহ ভক্ষণ কৰিব। দেহদানৰ এই প্ৰক্ৰিয়া আৰু চিন্তাৰ বীজ তেতিয়াই তেওঁ মনত ৰোপন হৈছিল।

১৮৩৫চনৰ ১০ডিচেম্বৰত যোৰহাটৰ ৰজাবাহৰ গাঁৱত জন্ম হৈছিৱ হেমচন্দ্ৰ বৰুৱাৰ। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম ৰূপহী দেৱী। হেমচন্দ্ৰ বৰুৱাই না না প্ৰতিকূল পৰিৱেশৰ মাজত জীৱন আগুৱাই নিছিল। অসমীয়া ভাষা-সাহিত্যলৈ হেমকোষৰ উপৰিও অসমীয়া ব্যাকৰণ, অসমীয়া লৰাৰ ব্যাকৰণ, তুলনামূলক ব্যাকৰণ, অসমীয়া ল'ৰাৰ আদিপাঠ, পাঠমালা, স্বাস্থ্যৰক্ষা বা গা ভালে ৰখাৰ উপায়, কানীয়া কীৰ্তন, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী, আছামিজ মেৰিজ চিষ্টেম আদি অন্যতম।

হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই ১৮৫২ চনত বিবাহপাশত আৱদ্ধ হৈছিল। গোলাঘাটৰ ৰাজহ বিভাগৰ পেচকাৰ পদৰ পৰা আৰম্ভ কৰি তেওঁ বিভিন্ন চৰকাৰী পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে আচাম নিউজ কাকত প্ৰকাশ কৰি সম্পাদকো হৈছিল।

কানীয়া কীৰ্তন হেমচন্দ্ৰ বৰুৱাৰ এক উল্লেখযোগ্য সৃষ্টি। সেই সময়ত কানিয়ে চানি ধৰিছিল সেয়েহে তেওঁ এই গ্ৰন্থৰ জৰিয়তে ভ্ৰুকূটি কৰিছিল কানি নিচাগ্ৰস্থ সকলোকে। সমাজলৈ প্ৰেৰণ কৰিছিল ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ বাৰ্তা।

তেওঁ যেতিয়া ইংৰাজী শিকিছিল তেতিয়া ইংৰাজী শিকাটো আছিল অপৰাধৰ দৰেই। কিন্তু সেই ইংৰাজী শিক্ষাগ্ৰহণে আধুনিক এক মনৰ গৰাকী হৈ স্ত্ৰী শিক্ষাৰ পোষকতাৰে তেওঁ অৰণোদয়ৰ পাতত লেখা লিখিছিল।

হেমচন্দ্ৰ বৰুৱাই আজীৱন কু সংস্কাৰ বিপক্ষে বৌদ্ধিক আৰু সামাজিক নেতৃত্ব লৈছিল। অসমীয়া জাতি গঢ়িবলৈ হেমচন্দ্ৰ বৰুৱাই চূড়ান্ত ত্যাগ কৰাৰ লগতে অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ লিখি ভাষাৰ আধাৰ তেতিয়াই গঢ়িছিল।

তেখেতৰ চিন্তাৰ প্ৰসাৰ প্ৰতিজন লোকৰ মনলৈ প্ৰসাৰিত হলেহে তেওঁ পৃষ্ঠপোষকতা কৰা এখন শক্তিশালী সমাজ আৰু এটা শক্তিশালী জাতি তথা ভাষা গঢ় লৈ উঠিব। পৰম্পৰাক দোহাই দি একবিংশ শতিকাতো কু-সংস্কাৰক আশ্ৰয় দিয়া লোকৰ অভাৱ নাই।

যিসময়ত ধৰ্মীয় গোড়ামি, উচ্চ-নীচ, জাত-পাতৰ মনোভাৱে চানি ধৰিছে সেই সময়ত এইগৰাকী মহান অসমীয়াৰ আদৰ্শই আমাক সঠিক বাট দেখুৱাব। তেওঁ আছিল সমাজ বিজ্ঞানী আৰু ভাষা-সাহিত্যৰ একনিষ্ঠ সাধক। সৰ্বকালৰ অসমীয়াসকলৰ ভিতৰত অন্যতম এজন শ্ৰেষ্ঠ অসমীয়া।