বিশেষ লেখা

হেল্ল' ফেঞ্চী বজাৰ: চাউলত ১০ টকা,দাইলত ৪০ টকাকৈ বঢ়াতো সঁচানে মিছা?

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

ফেঞ্চী বজাৰৰ পাইকাৰী ব্যৱসায়ীজনৰ সৈতে আমাৰ কোনো চিনাকি নাছিল। গুৱাহাটী জু-ৰোডত এখন গুৰুত্বপূৰ্ণ গেলামালৰ তথা আন সামগ্ৰীৰ খুচুৰা বিক্ৰেতা তপন কলিতাই তেওঁৰ যোগাযোগৰ নম্বৰটো দিছিল। চাউলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ভাবিব নোৱাৰা হাৰত বাঢ়িছে নেকি বুলি জানিব বিচৰাত কলিতাই ফেঞ্চী বজাৰ এই পাইকাৰী ব্যৱসায়ীজনৰ সৈতে কথা পাতিলেই সকলো জানিব পাৰিব বুলি কৈছিল।

তপন কলিতাৰ পৰা মোবাইল নম্বৰটো লৈ বোবাই নামেৰে পৰিচিত ব্য়ৱসায়ীজনৰ সৈতে বয়-বস্তুৰ দাম কিমান বাঢ়িছে জানিবলৈ যোগাযোগ কৰা হৈছিল। বহুতে বিশ্বাস কৰিব টান পাইছে যে এই হাৰত সংবাদ মাধ্যমত উল্লেখ কৰাৰ দৰে চাউল, দালিৰ দাম বৃদ্ধি হৈছে।

ফেঞ্চী বজাৰৰ ব্যৱসায়ীজনৰ পৰা প্ৰথমে জানিব বিচাৰিছিলো এই কেইদিনত চাউলৰ দাম কিমান বাঢ়িছে। তেওঁ জনালে আগতে কেজিত ৩০-৩২ টকাত বিক্ৰী কৰা চাউল এতিয়া বিক্ৰী কৰিব লগা হৈছে নিম্নতম ৪২ টকা প্ৰতিকেজি দৰত।

তেওঁ তাৰপাছত আন কি কি বস্তুৰ দাম যোৱা এটা মাহৰ ভিতৰত বৃদ্ধি পাইছে তাৰো এক আভাষ দিলে। ফেঞ্চি বজাৰৰ ব্যৱসায়ীজনে কৈ গ'ল যোৱা কিছুদিনৰ ভিতৰত বস্তুৰ দাম ইমানেই বাঢ়িছে যে আপুনি বিশ্বাস কৰিব নোৱাৰিব।

তেওঁ কোৱা মতে ফেঞ্চি বজাৰতেই মিঠাতেলৰ প্ৰতিলিটাৰত বাঢ়িছে ১০ টকাকৈ। আগতে ১১০ টকাত বিক্ৰী কৰা ৰহৰ দাইলৰ প্ৰতিকেজিৰ দাম হৈছে ১৫০ টকা। মচলাৰ দাম আৰু এখোপ চৰা। ২২০ ৰ পৰা ২৪০ টকাত প্ৰতিকেজি জিৰা তেওঁলোক হেনো বিক্ৰী কৰিছিল। এতিয়া সেই জিৰাৰ দাম হৈছেগৈ প্ৰতিকেজিত ৭০০ টকা।

শুকান জলকীয়াৰ কেজি আছিল ১৪০ টকা। এতিয়া সেই শুকান জলকীয়াৰ কেজি হৈছে ২৮০ টকা। হালধীৰ দাম ১০০ টকাৰ পৰা বাঢ়ি ১৬০ টকাত তেওঁলোকে বিক্ৰী কৰিব লগা হৈছে।

গুড়া মুৰিৰ দাম ১২০ টকাৰ পৰা বাঢ়ি হ'লগৈ ৩৪০ টকা। এই মূল্যবৃদ্ধিক লৈ এখন বাস্তৱ ছবি ফেঞ্চি বজাৰৰ পাইকাৰীৰ ব্যৱসায়ীজনৰ পৰা প্ৰত্যক্ষভাৱে শুনাৰ পাছত ইয়াৰ প্ৰভাৱ সাধাৰণলোকৰ মাজত কি ধৰণে কৰিব পাৰে সেয়া ভাবিবলৈ ভয় লগা হৈছে।

ব্যৱসায়ীজনক এই কথাও সোধা হৈছিল কিয় হঠাৎ এনেকৈয়ে দাম বঢ়াব লগা হৈছে। এয়া তেওঁলোকৰ সুযোগ বুজি ধন ঘটাৰ এক কৌশল নেকি বুলি প্ৰশ্ন কৰাত তেওঁ ক'লে, চাওক , এতিয়া আমি নিজেই ব্যৱসায় কৰা টান হৈ পৰিছে। বাহিৰৰ পৰা যোগান ধৰা সামগ্ৰী আৰু বজাৰত প্ৰয়োজনীয় সামগ্ৰীৰ পৰিমাণৰ ব্যৱধান বাঢ়ি যোৱাত এই দাম বৃদ্ধি পাইছে।

আগতে আমি ১০০ টকা বিনিয়োগ কৰাৰ ঠাইত এতিয়া আমি ১৫০ টকা বিনিয়োগ কৰিব লগা হৈছে।আমাৰ লাভ কিন্তু একেই থাকে এটকা বা দুটকা। সেয়া পাইকাৰী ব্যৱসায়ীজনৰ দৃষ্টিৰে মূল্যবৃদ্ধিৰ তেওঁৰ ব্যৱসায়ত পৰা প্ৰভাৱৰ কথা।

সাধাৰণ মানুহে ধৰিব নোৱাৰাকৈ এই মাধমাৰবোৰ সোধাই থকা হৈছে আমাক। আৰু হয়তো বাঢ়িব চাউল, দাইল, তেলৰ দাম। কোনোবাই হয়তো কব ইমান দাম দি মানুহে দাইল,চাউল খাব পৰা হৈছে তাৰমানে আমি ধনী হৈ পৰিছো।

বজাৰত কি বস্তুৰ দাম কেতিয়া কিমান বাঢ়ে সেয়া ধৰিব নোৱাৰা হৈছে। সেয়েহে মানুহে এইবোৰৰ হিচাপ ৰাখিবলৈকে এৰি দিছে।মূল্যবৃদ্ধিৰ এই কাম চৰকাৰ, বনিয়াৰ পাৰস্পৰিক সহযোগতেই হয়।

তেওঁলোকে যেতিয়াই প্ৰয়োজন হয় দাম বঢ়াই আৰু ৰাইজে সেই দামতেই সেইবোৰ কিনিব লগা হয়। এতিয়া এনে হৈ পৰিছে যে যিসকলে কিনিব পাৰে কিনিব আৰু নোৱাৰাসকলে হাত দাঙি দিব।

জীৱন অতিবাহিত কৰিবলৈ ডাঙৰ প্ৰত্যাহ্বান হৈ ঠিয় দিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে। মাঁথো চৰকাৰৰ ফ্ৰী চাউলৰ অক্সিজেন লৈ চলি আছে, জীয়াই আছে দৰিদ্ৰসকল।

অমৃত কালত চৰকাৰে অমৃত বাণী বৰ্ষণ কৰি গৈছে। ফ্ৰী চাউল, অৰুণোদয়ৰ ধন দিয়াৰ কথা চৰকাৰে টেঁটু ফালি চিঞৰিছে। চৰকাৰৰ মতে আন পাওক বা নেপাওক ফ্ৰীকৈ চাউল আৰু ১৪০০ কৈ টকাতো তেওঁলোকে পাইছে।

খোৱা-বোৱা সামগ্ৰীৰ কথা বাদেই, জীৱনদায়িনীকে ধৰি ঔষধৰ শেহতীয়া মূল্যবৃদ্ধিয়ে মানুহক কোঙা কৰি পেলাইছে। আনহে নালাগে প্ৰেছাৰ আৰু ছুগাৰৰ প্ৰতিদিনে ব্যৱহাৰ কৰা ঔষধৰ মূল্য অত্যাধিক হাৰত বৃদ্ধি পাইছে।

এই ৰোগত আক্ৰান্ত সকলে নিয়মীতভাৱে প্ৰতিদিনেই এটা বা দুটা টেবলেট সেৱন কৰিব লাগে। এতিয়া ভাৱকচোন এজন দৰিদ্ৰলোকৰ বাবে এই ৰোগত আক্ৰান্ত হোৱাৰ পাছত এনে উচ্চহাৰত ঔষধ কিনি খোৱাতো কিমান বিড়ম্বণা হ'ব পাৰে।

ন্যূনতম ২০ শতাংশ হাৰত ঔষধৰ মূল্যবৃদ্ধি হৈছে। বেমাৰ হ'লে দৰিদ্ৰলোকে এতিয়াৰে পৰা পিল এটাকে খাঁও বুলি ভাবিলেও খাব নোৱাৰিব টকাৰ বাবে। ইমানৰ পাছতো চৰকাৰে সুখ নিদ্ৰাত নিপালি দিছে।ভাও ধৰি শুই থকা জনক জগাব জানো পাৰে কোনোবাই।

বজাৰলৈ গ'লে মূৰ আচন্দ্ৰাই ধৰে। ঘৰলৈ ভাত খোৱাকৈ আলহী আহিম বুলি ক'লে নিম্ন, মধ্যবিত্ত শ্ৰেণীৰ মানুহৰে বুকু কঁপে। মাহেকীয়া হিচাপত টনা-টনি হয়। আলহী আহিলে লোকেল চিকেন এক কিলো আনো বুলিলেই চোন ৫৫০ টকাৰ পৰা ৬০০ টকা লাগে।

বিশেষ আলহী আহিলেও মাছ অকনমানো আনিব লাগে। ১ কেজি ৰৌ, বাহুমাছ আনিবলৈ হ'লেও পকেটত অতিৰিক্ত ৫০০ টকা লাগে। শাক-পাচলিৰ মূল্যৰ কথা ৰাইজে জানে। বিলাহীক বাদ দি এসাঁজৰ বাবে শাক-পাচলি আনিবলৈও ২০০-৩০০টকা প্ৰয়োজন হয়।

১০ টকাত দোকানীয়ে কেঁচা জলকীয়া কেইটামানো নিদিয়ে। পাচলি বেপাৰীক ১০ টকাৰ জলকীয়া দিয়ক বুলি ক'লেই আজি কালি ১০ টকাত কিবা পাই জানো বুলি ভেকাহী মাৰে।

নিম্ন মধ্যবিত্ত বোৰৰেই অৱস্থা এতিয়া কাহিল। দৰিদ্ৰসকলৰ বাবে ফ্ৰী বুলি কিবা এটা থাকে। তথাপিও তেওঁলোকে এই বিনামূলীয়া চাউলেৰে চলিব নোৱাৰে। ধনীবোৰৰ ধনৰনো কি অভাৱ।

কি বস্তু, কিমান দামত বজাৰৰ পৰা আহি ঘৰ সোমাল সেই হিচাপ ধনী মানুহে নাৰাখে। ঘৰৰ কাম কৰা মানুহে কেৱল বেগ ভৰাই বস্তু আনে। সেয়েহে এনে মূল্যবৃদ্ধিৰ জুইয়ে এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা কৰা সকলক সহজতে নোপোৰে।

এনে দিন আহি আছে, সাধাৰণলোকে বস্তু কিনিব নোৱাৰি পেটত গামোচা বান্ধিব লগা হ'ব। নেতা, মন্ত্ৰীয়ে দাম বাঢ়িছে , কমাই খাওক বুলি পৰামৰ্শহে দিব। এই পৰামৰ্শ জানো চাউল, দাইলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব।

চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকা, পাকিস্তানৰ দশা হ'বলৈ গৈ আছে আমাৰ। কল্যানকামী ৰাষ্ট্ৰৰ নাগৰিক আমি। এফালে কল্যানৰ নামত আঁঁচনি আনফালে সেই সাধাৰণ জনতাৰ মূৰতেই শাসক পক্ষৰ প্ৰচণ্ড মাধমাৰ।

প্ৰতিবাদ কৰাৰ পথবোৰো বন্ধ কৰি দিছে শাসক পক্ষই। এই যে বিনামূলীয়া আঁচনিবোৰ চলাই আছে সেই আঁচনিবোৰৰ হিতাধিকাৰীসকলে সেয়াও পোৱা বন্ধ হোৱাৰ ভয়ত মাত মাতিব নোখোজে। দৈনিক হাজিৰা কৰা মানুহজনৰ মজুৰি ৬০০ টকাৰ পৰা বঢ়া নাই। বঢ়া নাই প্ৰাইভেট কোম্পানীত কাম কৰা কৰ্মচাৰীসকলৰ দৰমহা, আনকি কটনৰ দৰে বিশ্ববিদ্যালয়ৰ হাজিৰাও ৭০০ টকা ধাৰ্য কৰাৰ দৰে হাস্যকৰ ঘটনা চকুৰ সন্মুখতে ঘটি আছে।

মূল্যবৃদ্ধিৰ আৰু ভয়াবহৰূপ কি লাগে। একেই কোবতে এক কেজি চাউলত ১০ টকা, এক কেজি দাইলত ৪০ টকা বঢ়াই যদি দিব পাৰে, সময়ত সেইবোৰৰ মূল্য ভাবিব নোৱাৰাৰ দৰে আকাশলংঘী কৰি তুলিবলৈ তেওঁলোকে নাভাৱে দ্বিতীয়বাৰ।