বিশেষ লেখা

সুখবোৰ কেনি গ'ল...

মৃদুল কুমাৰ সন্দিকৈ

খবৰ কেনে? – আমি পৰস্পৰে পৰস্পৰক সোধা সাধাৰণ প্ৰশ্ন এইটো। কোনোবাই কয়- ‘ভাল’, কাৰোবাৰ উত্তৰ হয়- ‘চলি আছো।’ ভাল-বেয়া সেই আপেক্ষিকতাৰ ব্যক্তিকেন্দ্ৰিক।

এজন প্ৰতিশ্ৰুতিসম্পন্ন কবি হেৰাই যোৱা খবৰটোৱে মৰ্মাহত কৰা সময়ত জীৱন সম্পৰ্কীয় কিছু কথা-বতৰাই এই সময়খিনিক নতুনকৈ চোৱাৰ অৱকাশ দিলে।

খবৰ সুধিলেই খবৰ নুসুধিব,খবৰ দিব বুলি কোৱা সাংবাদিক তথা ভাতৃপ্ৰতীম কবিজনৰ মতে- আমাৰ সকলো থাকিও একো নাই। এইষাৰ কথাতেই যেন এই সময়ৰ জীৱনৰ প্ৰতি অহা প্ৰত্যাহ্বানখিনি লুকাই আছে।

এতিয়া আমি বিচাৰিলেই সকলো পাব পাৰোঁ। সেই ধাৰণাই আমি কঢ়িয়াই লৈ ফুৰিছোঁ। এই বস্তুবাদী ধাৰণাই আমাক গ্ৰাস কৰি পেলাইছে।

আছে জানো এতিয়া আগৰ দৰে জীৱনক জীপাল কৰিব পৰা স্বাভাৱিক সেই সঞ্জীৱনী সুধাবোৰ? মানুহৰ মাজৰ আৱেগিক সম্পৰ্কবোৰৰ গাঢ়তা কিমান লঘু হৈ গ’ল চাও জানো আমি ভাবি কেতিয়াবা?

পৰিস্থিতিয়ে আমাক মানসিক ৰোগী কৰি পেলাইছে। নিঃসংগতাৰ এপিয়লাত শোহা দিলেই চৌদিশে বিৰাজ কৰা শূন্যতাই আমাক নিৰাশ কৰি তুলিছে।

প্ৰাপ্তি সুখৰ আনন্দ ক্ষন্তেকীয়া হৈ পৰিছে। সকলো থাকিও একো নথকাৰ এখন পৃথিৱীৰ বাসিন্দা হৈ আমি নিজৰে নিজৰ অচিনাকি হৈ পৰিছো।

কিমান সলনি হৈ গৈছো আমি ! ব্যক্তিবাদী হৈ বস্তুবাদী পৃথিৱীত বিচৰণ কৰোতে হাজাৰ-হাজাৰ বছৰ ধৰি গঢ়ি উঠা পৰম্পৰা, নিজস্বতা নিজেই বিসৰ্জন দিবলৈ কুণ্ঠাবোধ কৰা নাই।

পৃথিৱীৰ সকলো মানুহেই আজি ভাৰাক্ৰান্ত। অঘোষিত প্ৰতিযোগিতাৰ এজন প্ৰতিযোগী। সকলোৱেই জয়ী হ’ব খোজে। কিন্তু ক’ব নোৱাৰাকৈয়ে পৰাজয়ৰ বোজা কঢ়িয়াই লৈ ফুৰে। সেই পৰাজয়ৰ গ্লানিয়ে কোঙা কৰি পেলাইছে মানুহক।

ঘৰ এতিয়া ঘৰ হৈ নাই। পৰিয়াল এতিয়া পৰিয়াল হৈ নাই। হাতৰমুঠিত থকা ম’বাইলটো আমাৰ আপোনৰো আপোন। বিশ্বাসীৰো বিশ্বাসী।

সেই জীৱনৰ এৰাব নোৱাৰা অংশ হৈ পৰা যন্ত্ৰটোৱে ক’ত কন্দলৰ উৎস। এইবোৰ নোহোৱা হ’লেই কিজানি মানুহ শান্তিত থাকিল হয় ! ডাকোৱালে কঢ়িয়াই অনা সেই চিঠিবোৰে দি যোৱা মধুৰ আমেজবোৰ এতিয়াটো ক'তো নাই।

চোতালত বহি জোনাক ৰাতি পতা কথাবোৰৰ দৰে হাজাৰ আড্ডাই নিয়ন লাইটৰ পোহৰত দিব নোৱাৰে মাদকতা। জীপাল কৰিব নোৱাৰে জীৱন। আমি কেৱল হেৰুৱাইছো।

পাইছো বুলি ভাবি ক্ষণিকৰ তৃপ্তি লভি বিষাদময় জীৱনৰ আধাৰ গঢ়িছো নিজৰ বাবে। দুহাতেৰে মাটিত ঘাম পেলাই শইচ সেউজীয়া কৰা পথাৰবোৰৰ সপোন কেতিয়াবাই শেষ হ’ল।

হাতত প্লাষ্টিকৰ বেগ লৈ ৰেচন দোকানলৈ দৌৰি দুটকীয়া বা এটকীয়া চাউলকেইটা ঘৰলৈ কঢ়িয়াই অনাতে পৰিশ্ৰম অন্ত পৰিল। সেই সুখবোৰ আমাক কোনোও ঘূৰাই দিব নোৱাৰে। অতি আধুনিকতা মায়াপাশে আমাক অন্ধ কৰা সময় এয়া।

তেনে কি পোৱাৰ আশাত আমি সুখৰ সন্ধান কৰিম ? সুখী হোৱাৰ অভিধা কাৰো হাততেই নাই যে আজি। লক্ষ্যহীন আৰু অপেক্ষাহীন ছন্দবিহীন জীৱনৰ গতি থমকি ৰয় এই অপ্ৰাপ্তিত। অত্যধিক প্ৰাপ্তিয়ে আমাৰ প্ৰাপ্তি সুখকে কাঢ়ি নিলে।

এতিয়াতো ৰঙীণ পৃথিৱীত মৰিচিকা খেদি ফুৰা জীৱ আমি। উপলব্ধি চৈতন্যৰ মাজতে ভাহি ফুৰে অকায়িক এখন পৃথিৱী। তেনেকৈ কেনেকৈ আমি হ’ব পাৰো সুখী।

কথাবোৰ জটিল নহয়। নিজক বুজিব পাৰিলেই,সীমবদ্ধতাক হৃদয়ংগম কৰিব জানিলেই জীৱন সুখৰ হয়। সুখ আৰু দুখ নিজস্ব বিষয়। সুখী হ’ব জনাটো জীৱনৰে এটা আয়ত্ব কৰা কৌশল। কেৱল লাগে লাগে বুলি বিচাৰি নোপোৱা দুখত দুখী হৈ থকাতকৈ পোৱাখিনিকলৈও সুখী হ’ব পাৰোচোন আমি।