বিশেষ লেখা

ৰাখক নিজৰ কথা, গছৰ তলত আপুনিও পাতক বিধানসভা...

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

উৎকট গৰমে ৰাজ্য দহিছে। একেদৰেই অদ্ভূত মন্তব্যই ৰাজ্যবাসীক ক্ষোভিত কৰি তুলিছে। গ্ৰাম্য অঞ্চলসমূহত এদিন এই দৃশ্য অতি সুলভ আৰু চিনাকী আছিল। বিদ্যুতৰ সংযোগ তেতিয়া গাঁওবোৰৰ বাবে পৰ্বতৰ কাছৰ কণী সদৃশ।

গৰমৰ এই দিনকেইটাত দুপৰীয়া বা আৱেলি ভাগত মানুহৰ আশ্ৰয়স্থল হৈ পৰিছিল চোতালত থকা গছৰ তল বা বাৰীত থকা বাঁহনীৰ তল। গছ-গছনিয়ে তেতিয়া গাঁওসমূহ ভৰি আছিল। তিনিআলি-চাৰিআলিত ডেকা-বুঢ়াই পথৰ কাষত থকা গছৰ তলতেই বাঁহৰ চাং বনাই গৰমত দেহা জুৰাইছিল।

সেইবোৰ এতিয়া বহু ঠাইত অতীত হোৱাৰ দৰেই। গাঁৱে গাঁৱে বিদ্যুতৰ সংযোগ হ'ল। ফেন-এচি গ্ৰাম্য জীৱনৰো অংগ হৈ পৰিল। কিন্তু বিদ্যুতৰ ধাৰাবাহিক বৰ্ধিত মাচুলে, অনিয়মীয়া বিদ্যুৎ সংযোগে গাঁও-চহৰ সকলোতে এতিয়া ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে।

ৰজাৰ ঘৰে সাধাৰণ জনতাৰ কথা ভৱাৰ সলনি যি মন যায় তাকেই কৰি গৈছে। ২০২৩ বৰ্ষৰ চাৰিটা মাহত ৩ বাৰকৈ বিদ্যুতৰ মাচুল বৃদ্ধি কৰি সাধাৰণ প্ৰজাৰ মূৰত ৰজাঘৰে ভাল শিল ভাঙিছে।

লক্ষণীয়ভাৱে সেইবোৰ দিশলৈ এতিয়া কাৰোৱেই চকু নাই। ৰজাঘৰৰ এনে প্ৰজা বিৰোধ নীতিক প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিব মানুহো নাই, পৰিৱেশো ৰখা নাই চৰকাৰে।

অতি শেহতীয়াকৈ প্ৰতি ইউনিট বিদ্যুতৰ মাচুল চৰকাৰে ৩০ ৰ পৰা ৭০ পইচাকৈ বৃদ্ধি কৰিলে। ২৭ মে', ২০২৩ ত সেই বৃদ্ধিৰ কথা আনুষ্ঠানিকভাৱে জাননীযোগে এ পি ডি চি এলে জনালে। প্ৰতিজন সাধাৰণলোকৰে জীৱন প্ৰণালী বিদ্যুৎ মাচুলৰ এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰে।

সেই কথা তথাকথিত কল্যানকামী চৰকাৰে এতিয়া নাভাৱে। সেয়েহে বিভাগীয় শক্তি মন্ত্ৰীয়ে ক'ব পাৰে ৰাইজৰ ভালৰ কাৰণেই বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে। সেই ভাল সাধাৰণ প্ৰজাৰ বাবে কেতিয়া কি ধৰণে আহিব সেয়া শক্তি মন্ত্ৰীয়েও নাজানে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩০ পইচাহে প্ৰতি ইউনিটত বাঢ়িছে বুলি বিষয়টো লঘু কৰি তুলিলে। বঢ়া-কমা হৈ থাকিব বুলি এই বিষয়ত তেওঁক আন প্ৰশ্ন সোধাত অৱকাশেই নিদিলে। কিন্তু এগৰাকী সন্মানীয় আৰু দায়িত্বশীল ব্যক্তিয়ে বিদ্যুৎ মাচুল বৃদ্ধিৰ পৰা পৰিব পৰা প্ৰভাৱৰ পৰিত্ৰাণৰ পথ দিলে।

অসম বিধানসভাৰ অধ্যক্ষৰ দৰে সন্মানীয় পদবীত অধিষ্ঠিত বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুতৰ খৰচ কমাবলৈ ফেন-চেনৰ ব্যৱহাৰ এৰি গছৰ তলত বহিবলৈ উপদেশ দিলে। এয়া এজন দায়িত্বশীল নেতাৰ জনসাধাৰণৰ প্ৰতি দায়িত্বৰ নমুনা।

উৎপাদনকাৰী কোম্পানীৰ পৰা উচ্চ নিৰিখত বিদ্যুৎ ক্ৰয় কৰি কম দামত চৰকাৰে বিক্ৰী কৰিব নোৱাৰে বুলি কোৱা দৈমাৰীৰ এনে অদায়িত্বশীল মন্তব্য শুনি কোনো কোনোৱে টিপ্পনী দিলে- Speaker should know how to speak.

ৰাজ্যত বিদ্যুতৰ অভাৱ প্ৰায়েই হয়। প্ৰয়োজনীয় বিদ্যুৎ গৰম দিনত অভাৱ আৰু বিদ্যুৎ বিতৰক কোম্পানীবোৰৰ লোকচান আজিও এক ডাঙৰ প্ৰত্যাহ্বান। ৰাজ্যত এতিয়াও বিদ্যুৎ বিতৰণৰ ক্ষেত্ৰত প্ৰণালীবদ্ধ আৰু গ্ৰাহকক সকাহ দিব পৰা ব্যৱস্থা গঢ় লৈ নুঠিল।

ইয়াৰ ফলত বৰ্তমান দেশত বিদ্যুৎ উৎপাদন কৰা চৰকাৰী-বেচৰকাৰী কোম্পানী সমূহৰ পৰা কম হাৰত বা দৰত বিদ্যুৎ ক্ৰয় কৰি গ্ৰাহকৰ কাষলৈ নিব পৰা এক পৰিকাঠামো সৃষ্টি নকৰালৈকে এই সমস্য়া হৈয়ে থাকিব।

আমাৰ মনত এনে এক ধাৰণাই এতিয়াও ক্ৰিয়া কৰি আছে যে অসমত সদায় বিদ্যুতৰ অভাৱ আৰু অসমৰ বহু গ্ৰাহকে বিদ্যুৎ বিতৰক কোম্পানী সমূহক বিদ্যুতৰ বাবদ দিব লগা বিল নিয়মীয়াকৈ পৰিশোধ নকৰে।

সাধাৰণ গ্ৰাহকৰ ওপৰতেই সকলো দোষ আৰু মাধমাৰ দিয়া হয়। কিন্তু বাস্তৱত জানো সেয়া হয়? ২০১৮ চনৰ পৰা ২০২১ চনলৈকে মাত্ৰ ৩ টা বছৰত এপিডিচিএলৰ লোকচানৰ পৰিমাণ আছিল ২ হাজাৰ কোটি টকা। প্ৰতিমাহত পিছলৈ প্ৰায় তিনিশ কোটি টকাকৈ লোকচান ভৰা এ পি ডি চি এলৰ বাবে সকাহ মাঁথো বিদ্যুৎ মাচুল বৃদ্ধি। সেই কামে এ পি ডি চি এলে কৰি আহিছে।

সাধাৰণ গ্ৰাহকে বিদ্যুৎ মাচুল আদায় সময়মতে নিদিয়ে বুলি কোৱা এ পি ডি চি এল চৰকাৰী বিভাগ সমূহৰ পৰা পাব লগা বিদ্যুতৰ বিলৰ সন্দৰ্ভত কিমান সক্ৰিয়। ২০২১ চনলৈকে এ পি ডি চি এলক ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে দিবলৈ থকা বিদ্যুৎ বিলৰ পৰিমাণ আছিল ২৬ কোটি।

স্বাস্থ্য বিভাগে ১২ কোটি, শিক্ষা বিভাগে ৭ কোটি, গৃহ বিভাগে ৫ কোটি, বন বিভাগে ৪.৯৪ কোটি টকা বিদ্যুৎ বিল দিবলৈ বাকী আছে। কেৱল এইবোৰ বিভাগেই নে জলসিঞ্চন বিভাগে ৬.৩৯ কোটি, পশুপালন বিভাগে ২.২৬ কোটি, কৃষি বিভাগে ২.৩৫ কোটি, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে ২.০৪ কোটি, ন্যায়িক বিভাগে দিবলৈ বাকী থকা বিদ্যুৎ বিলৰ পৰিমাণ আছিল ২.০৮ কোটি ।

উপায়ুক্তৰ কাৰ্যালয়, মহকুমাধিপতি কাৰ্যালয়ে দিবলৈ বাকী থকা বিলৰ পৰিমাণ ৫ কোটিৰো কম নাছিল। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে দিবলৈ আছিল ৩ কোটি টকা বিদ্যুতৰ বিল। এইবোৰ ধন কিয় সময়মতে আদায় কৰা নহয়।

ভুল কাৰ ইয়াৰ বাবে? চৰকাৰে দিব লগা বিদ্যুতৰ বিল আদায় নিদিব আৰু ইয়াৰ ফল জনসাধাৰণে ভুগিব। জনসাধাৰণক উদ্দেশ্যি উপদেশ দিয়া বিধানসভাৰ অধ্যক্ষ বা ৰাজ্য চৰকাৰে নিজেও চোন এটা কাম কৰিব পাৰে।

বিদ্যুতৰ বিল ৰেহাই কৰা, বিদ্যুৎ অপচয় ৰোধ কৰা আৰু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ খোদ বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে গৈ গছৰ তলত বহিব পাৰে।গছৰ তলতেই বহি পাতিব পাৰে চোন গ্ৰীষ্মকালত বিধানসভাৰ অধিৱেশন।

পাৰিবনে তেওঁ এয়া কৰি দেখুৱাব? হাস্যকৰ কিছু কথাৰে মূল সমস্যাৰ পৰা আঁতৰি এনে দিহা পৰামৰ্শ দিয়া সকলে দিছপুৰত ৰাইজৰ ধনৰ শৰাধ পাতিয়েই বাতানুকূল কোঠাত সোমাই থাকিব আৰু সাধাৰণ লোকক গছৰ তলত বহি গৰম খেদাবলৈ ক'লে ৰাইজে কেনেকৈ এইবোৰ কথা মানি ল'ব।