বিশেষ লেখা

কোন আছিল অন্নদা গোঁহাই?

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

এক অবিস্মৰণীয় স্বীকৃতি। অসমীয়া নাৰীৰ বাবে, অসমীয়াৰ বাবে ইয়াতকৈ আৰু গৌৰৱৰ কথা কি থাকিব পাৰে। ১৮ এপ্ৰিল, ২০২৩। সেইদিনাই সূদুৰ অষ্ট্ৰিলিয়াৰ ইউনিভাৰ্চিটি অফ নিউ চাউথ ৱেলছত লিখা হ'ল এক ইতিহাস। এই ইতিহাস লিখিলে অসমৰ এগৰাকী বিদূষী মহিলাই।

তেওঁৰ নামত এই বিশ্ব বিদ্যালয়খনৰ এটা প্ৰেক্ষাগৃহ নামাকৰণ কৰা হ'ল। কিন্তু কিয় বিশ্বৰ এই অন্যতম শ্ৰেষ্ঠ বিশ্ব বিদ্যালয়খনে এই সন্মানেৰে এগৰাকী অসমীয়া মহিলাক সন্মিনিত কৰিলে? সেয়া জানিবলৈ ঘূৰি যাব লাগিব অতীতলৈ।

প্ৰায় ৬০-৭০ বছৰ পাছলৈ ঘূৰি গ'লেহে এই গৰাকী অসমীয়া মহিলাৰ বাবে এই বিশ্ববিদ্যালয় খনে কিয় এনে পদক্ষেপ লৈছে তাক উপলব্ধি কৰিব পৰা যাব। অসমত স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত পূৰ্বতে বৰ বেছি জাগৰণ আছিল বুলি ক'ব নোৱাৰি। দেশৰ লগতে ৰাজ্যখনতো স্বাধীনতা লাভৰ পাছতে স্ত্ৰী শিক্ষাৰ প্ৰতি জনসচেতনতা বৃদ্ধি পায়।

১৯৪৮ চনত ৰাধাকৃষ্ণন আয়োগ, ১৯৫২ চনৰ মুদালিয়াৰ আয়োগ, ১৯৬৪-৬৬ চনলৈ কোঠাৰী আয়োগে স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত যথেষ্ঠ পৰামৰ্শ আগবঢ়াইছিল। অসমত খ্ৰীষ্টান মিছনাৰী সকলে ছোৱালীৰ কাৰণে স্কুল স্থাপন কৰি মহিলাৰ বাবে শিক্ষা কিমান জৰুৰী তাক বুুজাবলৈ চেষ্টা কৰিছিল।

নগাঁও, শিৱসাগৰ, কামৰূপত তেওঁলোকে কেইবাখনো প্ৰাথমিক বিদ্যালয় স্থাপন কৰি ১৯৩৩ চনত অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয় লেডী কিন কলেজ শ্বিলঙত স্থাপন কৰিছিল। একেদৰে পৰৱৰ্তী সময়ত কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰতো মহিলাক অগ্ৰাধিকাৰ দিবলৈ চৰকাৰীভাৱে বিশেষ পদক্ষেপ লোৱা হৈছিল।

সেই পৰিৱেশ ৫০-৬০ দশকলৈ বৰ বিশেষ পৰিৱৰ্তন হৈছিল বুলি ক'ব নোৱাৰি। অভিভাৱকৰ মনত এক ধাৰণা গঢ় লৈ উঠিছিল যে ছোৱালীক পঢ়া-শুনা কৰোৱাই বিয়া দিয়াতকৈ ঘৰুৱা কাম-বন শিকাই বিয়া দিয়াই ভাল।

এনে এক পৰিৱেশৰ মাজতে অসমৰ এগৰাকী মহিলাই উচ্চ শিক্ষাৰ বাবে মন বান্ধি সফলতা লাভ কৰিছিল। তেওঁৰ নাম আছিল অন্নদা গোঁহাই। বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ গোঁহাইৰ ছোৱালী আছিল অন্নদা।

১৯২৯ চনৰ ১৫ অক্টোবৰত জন্ম গ্ৰহণ কৰা অন্নদা গোঁহাইৰ পিতৃ আছিল এজন প্ৰতিষ্ঠিত শিক্ষক। তেওঁ আছিল পৰিয়ালটোৰ তৃতীয় সন্তান। উত্তৰ গুৱাহাটীৰ উপৰিও অন্নদা গোঁহাইয়ে ককাকৰ চাংসাৰীৰ ওচৰত থকা জালাহৰ ঘৰত শৈশৱ ভালদৰে উপভোগ কৰিছিল।

পিতৃ আছিল চৰকাৰী চাকৰিয়াল। প্ৰায়েই বদলি হৈ থাকে।সেয়ে পিতৃয়ে কৰ্মৰত বিভিন্ন স্থানত শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল । কিন্তু সৰুৰে পৰা অতি মেধাৱী আছিল অন্নদা গোঁহাই। তেওঁৰ মেধাৱী গুণৰ বাবে নৱম শ্ৰেণীৰ পৰা ডাবল প্ৰমোচন দি তেওঁক মেট্ৰিক পৰীক্ষা দিবলৈ দিয়া হৈছিল।

গোলাঘাটৰ মিছন স্কুলৰ পৰা বায়েক কমলাৰ সৈতে একেলগে মেট্ৰিকত বহি অন্নদা গোঁহাইয়ে ১৯৪৪ চনত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। তাৰ পাছত তেওঁ কটন কলেজত বিজ্ঞান শাখাত ইন্টামিডিয়েট( আই এছ চি) আৰু কটন কলেজৰ পৰাই ৰাসায়ন বিজ্ঞানত মেজৰ লৈ স্নাতক ডিগ্ৰী লৈছিল।

স্নাতক ডিগ্ৰী গ্ৰহণ কৰিয়েই তেওঁ কিছুদিন পানবজাৰ গাৰ্লচ স্কুলত শিক্ষকতা কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ অসমৰ কৃষি বিভাগত যোগদান কৰে। ১৯৫৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে ভাৰত চৰকাৰৰ আণ্ডাৰ কলম্বোৰ প্লেনৰ অধীনত অষ্ট্ৰেলিয়ালৈ যাবৰ বাবে নিৰ্বাচিত হয়।

চৰকাৰৰ সাহায্যত তেওঁক পঠোৱা হয় অষ্ট্ৰেলিয়াৰ চিডনীত থকা ইউনিভাৰ্চিটি অফ নিউ চাউথ ৱেলছলৈ। তাতে তেওঁ দুবছৰীয়া কেমিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লৈ পৰৱৰ্তী সময়ত সেই বিশ্ব বিদ্যালয়ৰ পৰাই এম এছ চি ডিগ্ৰী গ্ৰহণ কৰে।যি ডিগ্ৰীক বৰ্তমান কোৱা হয় এম টেক বুলি।

১৯৮৯ চনত এম টেক ডিগ্ৰী গ্ৰহণ কৰি তেওঁ পুনৰ অসমলৈ ঘূৰি আহে। এই বিশ্ব বিদ্যালয়খনত এই বিষয়ত পঢ়া তেওঁ প্ৰথম অসমীয়া মহিলা। তেতিয়ালৈকে এই বিষয়ত কোনো মহিলাই এম এছ চি ডিগ্ৰী গ্ৰহণ কৰা নাছিল।

তেওঁ খাদ্য প্ৰস্তুতকৰণ আৰু সংৰক্ষণৰ ওপৰত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। তেওঁ গৱেষণা কৰা বিষয় আছিল- প্ৰডাকচন অফ হাই কোৱালিটি অৰেঞ্জ জুচ কনচেনট্ৰেশ্যন।

অন্নদা গোঁহাইয়ে সেই বিশ্ব বিদ্যালয় খনৰ সহকাৰী অধ্যাপক পি এইছ ৰেউতাৰ অধীনত গৱেষণা কৰিছিল। তেওঁ জমা দিয়া গৱেষণা পত্ৰ খন এতিয়াও সংৰক্ষিত হৈ আছে । এই গৱেষণা পত্ৰৰ প্ৰথম ভাগতেই তেওঁ কৃতজ্ঞতা কৰিছিল তেওঁ গাইডক, বিভাগটোৰ প্ৰিঞ্চিপাল ৰিচাৰ্জ অফিচাৰ জেপি কেফাৰ্ড আৰু এই গৱেষণাৰ কামত ব্যৱহাৰৰ বাবে সেই সময়ত মেছিন সমূহ ব্যৱহাৰ কৰিবলৈ দিয়া আৰ বি মেনুফেক্সাৰিঙক।

এই গৱেষণা পত্ৰ বিশ্ব বিদ্যালয়ত সংৰক্ষণ কৰি থোৱা নম্বৰ হ'ল এন এছ ডব্লিউ ২৭৮৬৮, ২৬ ফেব্ৰুৱাৰী, ৭৫। গৱেষণা পত্ৰখনত তেওঁ উল্লেখ কৰিছে যে তেওঁলোকে মূলত কমলাৰ জুচ গুণগত আৰু গাঢ় ভাৱে প্ৰস্তুত কৰিবলৈ তিনিটা পৰীক্ষা কৰিছিল। যিবোৰ কনচেনট্ৰেটেত জুচক পেষ্টুৰাইছ প্ৰডাক্ট হিচাপে ধৰা হৈছিল।

এই গৱেষণা পত্ৰ খনত তেওঁ পোৱা এটা বিশেষ ফলাফল হ'ল এই জুচ সমূহৰ বৰণ আৰু মান সঠিকভাৱে ৰাখিবলৈ অতি কম পৰিমাণৰ চালফাৰ ডি অক্সাইড ব্যৱহাৰ কৰিছিল। কিন্তু সেই পৰীক্ষাৰ ফলাফল তেওঁলোকে ভৱাৰ দৰে হোৱা নাছিল। তেওঁৰ গৱেষণা পত্ৰখন আছিল ১০৬ পৃষ্ঠাৰ।

এইখিনি আছিল প্ৰেক্ষাপট। এই বিশ্ববিদ্যালয় খনে এটা প্ৰকল্প হাতত লৈছিল। যাৰ নাম আছিল ইউ এন এছ বি ওমেন অন কেম্পাছ প্ৰজেক্ট। মহিলাক উৎসাহিত কৰিবৰ বাবে এই প্ৰকল্প হাতত লৈছিল তেওঁলোকে। বিশ্ববিদ্যালয় খনত মহিলাই কি কৰিছে তাত প্ৰতিফলিত কৰাৰ লক্ষৰে লোৱা এই প্ৰকল্পৰ জৰিয়তে তেওঁলোকে বিভিন্ন ক্ষেত্ৰৰ প্ৰথম মহিলা সকলক বিচাৰি উলিয়াইছে।

এই প্ৰকল্পৰ জৰিয়তে বিশ্ব বিদ্যালয় খনৰ ৬৫ গৰাকী মহিলাক তুলি ধৰিছিল তেওঁলোকে। ইয়াৰ ভিতৰত ১৭ গৰাকী মহিলাৰ নামেৰে বিশ্ব বিদ্যালয়ৰ বিভিন্ন ভৱন, প্ৰেক্ষাগৃহ নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছিল।

তেওঁলোকৰ উদ্দেশ্য আছিল বিশ্ববিদ্যালয়খনত অধ্যাপনা কৰা, গৱেষণা কৰা বা আন শৈক্ষিক কামেৰে জড়িত হৈ থকা মহিলা সকলক নতুন প্ৰজন্মৰ বাবে ৰোল মডেল হিচাপে প্ৰতিষ্ঠা কৰা।

এই ক্ষেত্ৰতেই জিলিকি উঠিছিল অসমৰ অন্নদা গোঁহাই। কিয়নো এই বিভাগটোৰ পৰা প্ৰথম এম এছ চি ডিগ্ৰী গ্ৰহণ কৰা তেওঁৱেই হল প্ৰথম মহিলা। সেই কাৰণেই অন্নদা গোঁহাইৰ নামত বিশ্ব বিদ্যালয়ৰ এটা প্ৰেক্ষাগৃহ নামাকৰণ কৰা হ'ল। পূৰ্বতে এই প্ৰেক্ষাগৃহটোৰ নাম আছিল লেকচাৰ থিয়েটাৰ জি-০৬। সেইটোকে এতিয়া নামাকৰণ কৰা হ'ল 'অন্নদা গোঁহাই প্ৰেক্ষাগৃহ'।

এই গৰাকী বিদূষী মহিলা অসমলৈ ঘূৰি আহি কৃষি বিভাগতে কাম কৰি বিবাহ-পাশত আৱদ্ধ হ'ল। প্ৰশাসনিক বিষয়া জীতেন্দ্ৰ নাথ গোঁহাইৰ সৈতে তেওঁ শিৱসাগৰলৈ বিয়া হৈছিল।

জুচ সংৰক্ষণ, উৎপাদন,খাদ্য সংৰক্ষণৰ ক্ষেত্ৰত অন্নদা গোঁহাইয়ে যথেষ্ঠ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ কৃষি বিভাগৰ পৰা ১৯৮৭ চনৰ অক্টোবৰত অৱসৰ গ্ৰহণ কৰে। বিভিন্ন সামাজিক কামৰ সৈতে তেওঁ জড়িত হৈ আছিল। ফল-মূল সংৰক্ষণৰ সন্দৰ্ভত তেওঁ অসমীয়াতে দুখন উল্লখযোগ্য গ্ৰন্থ ৰচনা কৰিছিল।

২০১১ চনত ১৯ ছেপ্টেম্বৰত ৮২ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। বিশ্বত অসমীয়া মহিলা আৰু অসমীয়াক প্ৰতিষ্ঠা কৰি থৈ গ'ল তেওঁ। এনে এখন বিশ্ব বিদ্যালয়ে তেওঁক স্বীকৃতি দিবলৈ কৃপনালী নকৰিলে। কিন্তু আমি তেওঁক কি দিলো। আজি সেই স্বীকৃতিৰ পাছত মাঁথো অনুভৱ কৰিলো কেতিয়াবা আমি অসমীয়া বোৰে গুণীৰ মোলকে নুবুজো।