বিশেষ লেখা

মুখ্যমন্ত্ৰী মহোদয়, এইবোৰ দুৰ্নীতি হয় নে নহয়?

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

মুখ্যমন্ত্ৰী মহোদয়, সাংবাদিকে কোৱা প্ৰতিটো কথা শুদ্ধ, সত্য নহ'ব পাৰে। কিন্তু বহুসময়ত সাংবাদিকে উদঘাটন কৰা তথ্য সমূহে এক ভয়াবহ প্ৰতিচ্ছবি দাঙি ধৰে। ১ লাখ চৰকাৰী চাকৰি দিয়াৰ বাবে আপোনাৰ চৰকাৰে লোৱা পদক্ষেপৰ অন্যতম এটা গুৰুত্বপূৰ্ণ দিন ২৫ মে', ২০২৩।

অভিলেখ গঢ়ি ৪৪,৭০৩ জন সফল প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ দিবলৈ বিশাল সমাৰোহ অনুষ্ঠিত কৰাৰ দিনাই আপোনাক এই কথাখিনি দৃষ্টিগোচৰ কৰিব লগা হোৱাত নিসন্দেহে আমি দুখিত।

আকৌ জোনমণি কাণ্ডৰ পৰা আৰম্ভ কৰিব লাগিব কথাবোৰ। হয়তো আপোনাৰ খং উঠিব এই সঁচা কথাবোৰ শুনি। জোনমণি কাণ্ডৰে নাম সাঙোৰ খাই পৰিছিল আৰক্ষী অধীক্ষকে ধৰি অতিৰিক্ত আৰক্ষী অধীক্ষক, আৰক্ষী পৰিদৰ্শক, উপ-পৰিদৰ্শক পৰ্যায়ৰ কেবাজনো বিষয়াৰ নাম।

চোৰাং সোণ, নকল টকা আৰু দুৰ্নীতি বজাৰ মেলি বহি থকা তেনে এজন আৰক্ষী বিষয়াক উদাহৰণ হিচাপে লৈ এই তথ্য সমূহ ৰাজহুৱা কৰাৰ পূৰ্বে আন কেইটামান তথ্য উল্লেখ কৰি ল'ব বিচাৰিছো।

জোনমণি কাণ্ডৰে নাম সাঙোৰ খোৱা এজন আৰক্ষী উপ পৰিদৰ্শক আছিল আভাজ্যোতি ৰাভা। হয়বৰ গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত আছিল এইগৰাকী আৰক্ষী বিষয়া।

জোনমণিৰ মৃত্যুৰ পাছত তেওঁক আৰক্ষীৰ মুখ্য কাৰ্যলয়লৈ ক্ল'জ কৰি বদলি কৰা হৈছিল । সেইজন আৰক্ষী বিষয়া জোনমণিৰ সৈতে অতি ঘনিষ্ঠ। নগাঁৱত সদৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কৰ্মৰত এসময়ৰ প্ৰভাৱশালী আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ মধ্যমণি।

এজন আৰক্ষীৰ উপ-পৰিদৰ্শকে কিমান টকা দৰমহা পায়। ২০২৩ চনত আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ বাবে চৰকাৰে দিয়া বিজ্ঞাপনত উল্লেখ থকা দৰমহাৰ নিৰিখ অনুসৰি তেওঁলোকৰ পে স্কেল হ'ব পে বণ্ড-২। অৰ্থাৎ ১৪ হাজাৰ টকাৰ পৰা ৬০,৫০০ টকা তেওঁলোকৰ পেস্কেল।

ইয়াৰ উপৰিও ৮৭০০ টকা গ্ৰেড পে আৰু অন্যান্য এলাউঞ্চ সমূহ থাকিব।আৰক্ষীয়ে এজন দায়িত্বশীল আৰু এই ধৰণৰ দৰমহা সম্পৰ্কীয় কাম-কাজেৰে জড়িত কৰ্মচাৰীক সোধাত তেওঁ ক'লে, আৰক্ষীত যোগ দিয়েই এজন আৰক্ষী উপ-পৰিদৰ্শকে আজিৰ তাৰিখত খুব বেছি ২৭,০০০ টকা দৰমহা পাব।

আভাজ্যোতি ৰাভা নামৰ আৰক্ষীৰ উপ-পৰিদৰ্শক গৰাকীয়ে ২০২০ চনত যোগ দিছিল অসম আৰক্ষীত। সেই সময়ত যোগদান কৰি লাভ কৰা দৰমহা ইয়াতকৈ বহু কম আছিল।

৫২ নং বেটচৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আছিল আভাজ্যোতি ৰাভা। তেওঁৰ সৈতে একেলগে আৰক্ষীত যোগদান কৰা আন এজন আৰক্ষী উপ-পৰিদৰ্শকক সোধা হৈছিল বৰ্তমান তেওঁ কিমান টকা দৰমহা পায়। কোনো কুণ্ঠাবোধ নকৰাকৈ তেওঁ কৈছিল আভাজ্যোতি ৰাভাৰ দৰমহা কিমান সেই তুলনা কৰিবলৈকে সুধিছে নেকি এই কথা?

তাৰপাছত তেওঁ বৰ্তমান লাভ কৰা দৰমহাৰ সৱিশেষ জানিবলৈ দিছিল। এতিয়া তেওঁ গ্ৰছ ছেলাৰী ৪১,০০০ টকা। জিপিএফ কাটে ১০ শতাংশ। সেই সূত্ৰে তেওঁ নেট ছেলাৰী ড্ৰ কৰে ৩৫ ,৯০০ টকা।

ধৰি লওক ৩৬,০০০ টকায়েই দৰমহা পাই তেওঁ। এইটোও ধৰি লওক যোৱা ৩ বছৰে তেওঁ ৩৬ হাজাৰ টকাকৈয়ে পাই আছে। এনে যদি হয় যোৱা ৩ বছৰত অৰ্থাৎ ৩৬ মাহত তেওঁ লাভ কৰা দৰমহাৰ মুঠ ধন হ'বগৈ ১২ লাখ ৯৬ হাজাৰ।

এতিয়া আন এক তথ্যৰে এই তথ্য খিনিক তুলনা কৰি চাওক। পূৰ্বতে চিআইএছএফত চাকৰি কৰা আভাজ্যোতি ৰাভাৰ ঘৰ বকোৰ ডেকাপাৰাত। তেওঁৰ পিতৃৰ নাম বীৰেণ ৰাভা। শিক্ষক হিচাপে বীৰেণ ৰাভাৰ সমাজত এক সুনাম আছিল।সোণাপুৰ এমি স্কুলৰ শিক্ষক আছিল তেওঁ। মাক আছিল গৃহিনী।

অৱসৰ গ্ৰহণ কৰিছিল আভা ৰাভাৰ পিতৃয়ে। বৰ্তমান তেখেত এই সংসাৰত নাই। প্ৰবেচনাৰী পিৰিয়ড শেষ কৰি নগাঁও আৰক্ষী নিৱেশত কিছুদিন আছিল আভা। তাৰপাছত ইটাখলি আৰক্ষী চকীৰ আইচি আৰু শেষত গৈ হয়বৰ আৰক্ষী চকীৰ আইচি হৈছিল।

চাকৰিৰ পাছতেই আভা জ্যোতি ৰাভাই বকোৰ ডনবস্কৰ কাষত কিনিছিল ডেৰ কঠা মাটি। ডাকোৱাৰপাৰাৰ এই মাটিখিনি বকোৰ অন্যতম মূল্যবান মাটি হিচাপে ধৰা হয়। এতিয়া কঠাত ২০-২৫ লাখ মূল্যৰ সেই মাটি। ৩০ লাখ টকা দি কিনা সেই মাটিত আভাজ্যোতি ৰাভাই নিৰ্মাণ কৰি আছে ৫ মহলীয়া এটা অট্টালিকা।

প্ৰথমখন ছাদ ঢালাই কৰা হৈছে। ৭০ ফুট দীঘল, ৪০ ফুট বহল আয়তনৰ ছাদ এইখন। ক'ৰ পৰা ধন আহিছে নজনা এই ঘৰৰ কামত নিয়োজিত মিস্ত্ৰীৰ মতে এতিয়ালৈকে ২৫ লাখৰো অধিক টকা ব্যয় কৰিছে আভাই।

আন এক সূত্ৰৰ মতে ৰাণীৰ ওচৰতো আছে আভাৰ ভূ-সম্পত্তি। ৩ বছৰ চাকৰি কৰিয়েই কোটি টকা সম্পত্তিৰ মালিক আভাজ্যোতি ৰাভা। বাকী আৰু ক'ত কি আছে মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ তদন্তকাৰী সংস্থাই তদন্ত চলালে পোহৰলৈ নিশ্চয় আহিব।

গাড়ী-বাহনৰ কথা নকলোৱেই। এয়া কেৱল জোনমণি কাণ্ডৰ পাছত চৰ্চালৈ অহা এজন আৰক্ষী বিষয়াৰ নমুনা। ভাৱকচোন কি পৰ্যায়লৈ গৈ দুৰ্নীতি কৰিলে এনে উন্নতি হ'ব পাৰে কাৰোবাৰ।

ৰূপজ্যোতি কলিতা, মনোজ ৰাজবংশীৰো হেনো সম্পত্তিৰ হিচাপ কম নহয়। ৰুণা নেওগ আছেই। সঞ্জীৱ বৰা, লখিমপুৰ থানাৰ সদ্যঅপসাৰিত অচি জনো যেতিয়া সন্দেহৰ আওতালৈ আহিছে তেওঁলোকৰো সম্পত্তিৰ হিচাপবোৰ এবাৰ লওক।

কেৱল মুখতেই হুংকাৰ দি, দুই তিনি হাজাৰ লোৱা বিষয়া কৰ্মচাৰীক দুই হাত দাঙি ধৰি দুৰ্নীতি প্ৰতিৰোধ কৰিছো বুলি ভৱাতো যে ভুল সেইবোৰৰ প্ৰমাণেই জানো এইবোৰ নহয়।লখিমপুৰৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ সামাজিক মাধ্যমৰ প্ৰীতি দেখি আপোনাৰ খং উঠিছে।

সেইবোৰ এৰি কামত ধৰিবলৈ নিৰ্দেশ দিছে। কেৱল প্ৰচাৰ আৰু প্ৰদৰ্শন ধৰ্মীতাৰে কাম নচলে। নকল সোণৰ, জালনোটৰ ব্যৱসায়ৰে জড়িত সকলে আত্মসমৰ্পন কৰিলেই এইবোৰ অন্ত নপৰে।

তাৰ মাজতে আন এটাও কথা। আপোনাৰ শাসনকালতেই জানো এইবোৰ চক্ৰই গিজগিজাই থকা নাছিল। লখিমপুৰত আৰক্ষী থকা নথকাচোন একেই আছিল। আনন্দ মিশ্ৰই যুৱ প্ৰজন্মৰ পৰা লাভ কৰা সঁহাৰিক ইতিবাচক দৃষ্টিৰে চোৱাও অৱকাশ থাকি যায়।

কাৰোবাৰ নাম শুনিলেই যদি অপৰাধী কঁপি উঠে, সাধাৰণ জনতাই ফটো, ছেলফি তুলিবলৈ ভিৰ কৰে তেনে সেয়া সাধাৰণ মানুহৰ বাবে ভাললগা কথা হ'লেও প্ৰতিদ্বন্দ্বি সকলৰ বাবে ঈৰ্ষাৰ কাৰণো হ'ব পাৰে দিয়কচোন।

মানুহে কৈছে আনন্দ মিশ্ৰক ধমকি দিয়াৰ সলনি আপুনি সেই সকল আৰক্ষী বিষয়া, নগাঁও জিলাৰ পৰা বদলি কৰা আৰক্ষী অধীক্ষক লীনা দলেৰ প্ৰতিও তেনে সাৱধানবাণী দিয়াৰ প্ৰয়োজন আছিল। অভিযোগত অভিযুক্ত লীনা দলেক এখন জিলাৰ পৰা নি আন এখন জিলাত সংস্থাপিত কৰিলে। তাতেই ৰাইজে বুজি পাইছে সকলোৰ প্ৰতি আপোনাৰ সমদৃষ্টিৰ কৰবাত অভাৱ আছে।

অনুসন্ধান আৰু তদন্ত শেষ নোহোৱা পৰ্যন্ত তেওঁলোকক জিলাৰ দায়িত্ব নিদিয়া হ'লে কিবা ভুল হ'লহেতেন নেকি? ৰাইজে আৰু আলোচনা কৰিছে ফেচবুক, টুইটাৰৰ প্ৰেমত পৰা সকলক সতৰ্ক কৰাৰ দৰে কাৰোবাৰ বাসগৃহত গৈ সংগীতৰ সুধাপান কৰা আৰক্ষী বিষয়া সকলৰ প্ৰতিও আপোনাৰ এটা সতৰ্কবাণীৰ প্ৰয়োজন আছিল।

জোনমণি কাণ্ডৰ পাৰ্শ্বক্ৰিয়া এইবোৰ। কি হৈছিল জোনমণিৰ সৈতে সেই সত্য পোহৰলৈ আহক বা নাহক জোনমণিৰ মৃত্যুৱে আৰক্ষী বিভাগৰ বহু গেলা ঘাঁ উদঙাই থৈ গ'ল। অসম আৰক্ষীত বহু সৎ, দায়িত্বশীল বিষয়া-কনিষ্টবল আছে। তেওঁলোকে কাৰো কৃপা নিবিচাৰে। আমি যদিও ভাৱিছিলো সলনি হৈছে ৰাজ্য কিন্তু বাস্তৱত যে সকলোবোৰ চোন একেই আছে। মাথোঁ আমি শুনি আছো আপোনাৰ আশ্বাস ভৰা কণ্ঠ। কাৰ্যত হোৱা নাই আপুনি কোৱাৰ দৰেই, আপুনি ভৱাৰ দৰেই অসম ৰামৰাজ্য।