বিশেষ লেখা

ভিউজ নে ভগৱান?

Asomiya Pratidin

বৰষা শৰ্মা

কি হৈছে আমাৰ? আমি আচলতে কি বিচাৰো? চৌদিশে হৈ থকা ঘটনাৰাজিৰ পৰা এটায়ে কব পাৰি যে এতিয়া কেৱল অৰাজকতা। সকলোফালে কেৱল ব্যাভিচাৰ। সকলোৱে দৌৰিছেহে দৌৰিছে। কিবা এটা পোৱাৰ পাছত আৰু এটা পাবলৈ আমি দৌৰিছো।

প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপত আৱদ্ধ আমি। আমাৰ ওচৰত থকাখিনিক লৈ সুখী হোৱাৰ পৰিৱৰ্তে কি পোৱা নাই তাক লৈ চিন্তিত আমি। সকলোৰে জীৱনৰ লক্ষ্য থাকে, আৰু সেই লক্ষ্য এবাৰ বিচাৰি উলিয়ালেই যেন সাৰ্থক এই জীৱন!

কোনোবাখিনিত আমি ৰৈ গৈছো। যেনেকৈ আমি ৰৈ যাঁও ট্ৰেফিকত। কোনোবা এঠাইলৈ বা কোনো কামত আমি কেতিয়াবা ট্ৰেফিক পাঁও। সেই ট্ৰেফিক থকা সময়খিনি বৰ কষ্টকৰ। খঙত চটফটাই বহুতে। কিন্তু যেতিয়া ট্ৰেফিক কমি যায়, গাড়ী আগবাঢ়িব লয় তেতিয়াই খং কমি যায়, ভাল লাগে।লাহে লাহে আগবাঢ়ো গন্তব্য স্থানৰ পিনে। আমাৰ জীৱনৰ সমস্যাবোৰো এই ট্ৰেফিকৰ দৰেই। যিমানে আগবাঢ়ি যাম, সিমানেই ভাল লাগিব।

আজিকালি সকলো বেলেগ হ'ল। সমাজ আধুনিক হ'ল। আধুনিকতাৰ হাবিয়াসে কোঙা কৰিছে আমাক। ক'ব নোৱাৰাকৈ হয়তো আমি অপকৰ্মতো সোমাই পৰিছো। কিন্তু তাক বুজিবলৈ, উপলব্ধি কৰিবলৈও যেন সময়ৰ অভাৱ। ক্লান্ত জীৱনত যেন হুমুনিয়াহ কৰাৰ বাবে সময়ৰ অভাৱ।

সুখ-দুখ, হাঁহি-কান্দোন আদিৰেহে এটা জীৱন পৰিপূৰ্ণ। জন্ম আৰু মৃত্যু- এই দুই শব্দৰ মাজত আৱদ্ধ আমি। এই দুই শব্দৰ মাজত আমাৰ যি কাহিনী থাকে সেয়াই জীৱন। এই জীৱনটো ধুনীয়া বনাবলৈ আমাৰ হাতত থাকে কেৱল বাচনি কৰাৰ সুযোগ।

আমি মনৰ শান্তিৰ বাবে পথৰ সন্ধান কৰো। তাৰ মাজত একাংশলোকে আধ্যাত্মিকতাৰ পথৰ সন্ধান কৰে। কিন্তু আধুনিকতা আৰু আধ্যাত্মিকতাৰ মাজত পাৰ্থক্য আছে। যদি ইয়াৰ কোনোবা এটাৰ পৰিমাণো বেছি হৈ যায় সি আমাৰ নিজৰ লগতে সমাজতো প্ৰভাৱ পেলায়। যাৰ বাঘজৰী পাছলৈ আমাৰ হাতত থাকে।

ইয়াৰ উদাহৰণ আমি শেহতীয়া এটা ঘটনাৰাজিৰ পৰা দিব পাৰো। কেদাৰনাথ মন্দিৰৰ সন্মুখত এজন যুৱকে হাতযোৰ কৰি সেৱা কৰি আছে। তেনে সময়তে এগৰাকী যুৱতী আহি আঁঠুত বহি যুৱকজনলৈ আগবঢ়াই দিছে এটা আঙুঠি। লগে লগে হাঁহি মাৰি আঙুঠিটো গ্ৰহণ কৰিছে যুৱকজনে।

মূহুৰ্ততে ভাইৰেল হৈ পৰিল ৰীলটো। যুৱক-যুৱতীৰ এনে কাণ্ডক বহুতে মৰম দিলে আৰু একাংশই সমালোচনা কৰিলে। ৰীলটো ছ'চিয়েল মিডিয়াত আপলোড হোৱাৰ কেইঘন্টামান পাছতেই কোটি কোটি মানুহে চালে সেই ভিডিঅ'। ভাইৰেল হৈ পৰিল যুৱক-যুৱতী।

এইটো মাত্ৰ এটা সৰু উদাহৰণহে। ইয়াৰ পাছতে মন্দিৰ কৰ্তৃপক্ষই জাৰি কৰিলে এক বিশেষ নিৰ্দেশনা। সেই নিৰ্দেশনা অনুসৰি কেদাৰনাথ মন্দিৰ দৰ্শন কৰাৰ সময়ত কোনোলোকে মোবাইল ফোন ব্য়ৱহাৰ কৰিব নোৱাৰিব। বনাব নোৱাৰিব ফটো, ভিডিঅ'।এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ। ছ'চিয়েল মিডিয়াৰ জৰিয়তে মানুহে প্ৰেম কৰে, ভক্তি কৰে, শত্ৰুতা কৰে।

আধুনিকতা আৰু আধ্যাত্মিকতা দুয়ো ওতঃপ্ৰোতভাৱে জড়িত হ'লেও আমি ইয়াৰ মাজত সামঞ্জস্য ৰাখি চলিব লাগিব। নহ'লে ই হৈ পৰিব হানিকাৰক।

কোনো যেন এতিয়া সুখী নহয়। তাৰ কাৰণ হয়তো আমি নিজেও নাজানো। আধুনিকতাৰ লগত মিলি চলিবলৈ হ'লে আমাক সকলো লাগিব, কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি ভৰিৰ তলৰ মাটি পাহৰি যাম।

আজিকালি মানুহে বেছি সময় ছ'চিয়েল মিডিয়াত দিয়ে। মানুহে মানুহ চিনি নোপোৱা হৈছে। ছ'চিয়েল মিডিয়াৰ পৰা ভালখিনিতকৈ বেয়াখিনি বেছি শিকিছো। সাহিত্য, খেল আদিৰ পৰা আৰম্ভ কৰি হত্যা, লুণ্ঠনলৈ সকলো পাই ছ'চিয়েল মিডিয়াত। কিন্তু ভাল বিষয়ৰ সলনি হত্যা, লুণ্ঠন, বলৎকাৰ আদি সন্নিবিষ্ট ভিডিঅ'ৰ স্থান বেছি।

আমাৰ সুখ আমাৰ হাততেই আছে। মানুহ হিচাপে জীয়াই থকাৰ সংগ্ৰাম খনত ভাল বেয়া, দোষ গুণ থাকিবই। কিন্তু আপুনি কেনেদৰে জীৱনটো আগুৱাই নিব সেয়া হ'ব গুৰুত্বপূৰ্ণ। কোনটো পথ গ্ৰহণ কৰিব, কোনটো পথ বৰ্জন কৰিব সেয়া সিদ্ধান্ত কেৱল আপোনাৰ।

আচলতে জীৱনটো খুব ধুনীয়া। তাক ধুনীয়াকৈ ৰখাতো আমাৰ হাতত। জীৱনটো আমি কোনদিশে নিওঁ সেয়াও আমাৰ হাতৰ মুঠিত। প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপ নকৰি জীৱন যুঁজত শক্তিশালীভাৱে আগবাঢ়ি যোৱাৰ সময় এতিয়া। তেতিয়া উপলব্ধি হ'ব, জীৱন সঁচাকৈয়ে ধুনীয়া।

সকলোফালে কেৱল এতিয়া ভিউজৰ বজাৰ। ভিউজৰ বাবে মানুহে প্ৰাৰ্থনা কৰিছে, ভিউজৰ বাবে কোনোবাই বেয়া কাম কৰিছে, ভিউজৰ বাবে স্নেহ কৰিছে। একাংশ সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি একাংশ লোকলৈ সকলো এতিয়া ভিউজৰ দৌৰত। কিন্তু সিদ্ধান্ত আপোনাৰ, আপোনাক ভিউজ নে শান্তি লাগে?