সম্পাদনা মেজ

ভয় হয়!

asomiyapratidin

 মৃদুল কুমাৰ সন্দিকৈ

মোৰ ইস্তাফা সাজু আছে। কোনোবা এজনে আহি মোৰ সন্মুখত কওক আপুনি মুখ্যমন্ত্ৰীৰ লায়কৰ নহয়।মই শিৱসেনাৰ মুৰব্বী পদ এৰিবলৈও সাজু। মোক কোনোবা এজন শিৱসেনাৰ নেতা সমৰ্থকে আহি এই পদৰ বাবে উপযুক্ত নহয় বুলি ক'লেই হ'ল।

এক আৱেগিক ভাষণ।মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন এৰাৰ পূৰ্বে এনেকৈয়ে আৱেগিক হৈ পৰিছিল বাল থাকৰেৰ পুত্ৰ। মহাৰাষ্ট্ৰৰ ৰাজনীতিত উগ্ৰ জাতীয়তাবাদৰ আধাৰ গঢ়িছিল বাল থাকৰে।মাৰাঠী জাতীয়তাবাদৰ উগ্ৰ প্ৰতিফলন আছিল শিৱসেনা।

সেই উগ্ৰ জাতীয়তাবাদৰ শিবিৰ এতিয়া থানবান হৈ পৰাৰ দিশত। যি সময়ত বাল থাকৰেৰ ইছাৰাত নাচিছিল মহাৰাষ্ট্ৰ বা দেশৰ ৰাজনীতি কিন্তু আজি সেই শিৱসেনাত খহিছে ভেঁটি।

কেৱল ৰাজনৈতিক দৃষ্টিকোনেৰে এয়া গুৰুত্বপূৰ্ণ নহয়। শাসকীয় বিজেপিয়ে এনেকৈয়ে অতি কৌশলেৰে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদক গিলি পেলাইছে। তাৰ প্ৰমাণ অসম। অলপ সুক্ষ্মভাৱে লক্ষ্য কৰিলেই ৰাষ্ট্ৰীয়তাবাদৰ হাতত জাতীয়তাবাদৰ আত্মসমৰ্পন অসমৰ খোজে খোজে লক্ষ্য কৰা যায়।

বড়ো সকলৰ পৰা আৰম্ভ কৰি মিছিং, কাৰ্বি, ডিমাছা, তিৱা আদি সকলো জাতি. জনগোষ্ঠীক স্ব অধিকাৰৰ সংগ্ৰামৰ পৰা আঁতৰাই আনি এই সংগ্ৰামক নেতৃত্ব দিয়া সকলক গেৰুৱা বসন পিন্ধাই পেলোৱা হৈছে।

জাতি-জনগোষ্ঠীৰ নেতা সকলক বিজেপিৰ পৰিচয়েৰে দলত বা ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত ৰাজনীতিৰ সোৱাদ দি পাহৰিবলৈ বাধ্য কৰা হৈছে তেওঁলোকৰ পূৰ্বৰ স্থিতি আৰু সংগ্ৰামীসত্বাক।

কোনোটো জাতি জনগোষ্ঠীয়ে বাদ পৰি যোৱা নাই। অতি পৰিকল্পিতভাৱে ৰাজনৈতিক দৃষ্টিকোনেৰে ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ মাজত গঢ় লৈ উঠা জাতীয়তাবাদৰ এই যুঁজখন এনেকৈয়ে যতি পৰি ৰৈছে।

বিজেপিয়ে ভালকৈয়ে জানে এবাৰ এই যুঁজ দুৰ্বল কৰি দিলে আকৌ তেওঁলোকে মুৰ দাঙি উঠিব নোৱাৰে। পুনৰ তেনে এক জাতীয়তাবাদৰ ভেঁটি নিৰ্মাণ হ'বলৈ বহু সময়ৰ প্ৰয়োজন হ'ব। মহাৰাষ্ট্ৰৰ এই চৰকাৰ ভঙা পতাৰ কথাবোৰৰ সৈতে সামগ্ৰিক অৰ্থত মাৰাঠী জাতীয়তাবাদৰ বিৰুদ্ধে বিজেপিয়ে যি শৰ নিক্ষেপ কৰিলে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো উদ্ধৱ থাকৰেৰ বাবে সহজ নহ'ব।

এতিয়া কোন শিৱসেনা তাকলৈও প্ৰশ্ন উঠিছে। এসময়ত এনে প্ৰশ্ন উঠিলেই উচিত জবাব দিয়া বাল থাকৰে কেতিয়াও সংসদীয় ৰাজনীতিত ভৰি দিয়া নাছিল। কিন্তু মহাৰাষ্ট্ৰত চৰকাৰ চলাবলৈ বাল থাকৰে আশীৰ্বাদৰ প্ৰয়োজন অৱশ্যাম্ভী আছিল।

গুৱাহাটীলৈ কিমান বিধায়ক আহিছে শিৱসেনাৰ সেয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয়। মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেয়াও আমাৰ বিচাৰ্য বিষয় নহয়। আমাৰ বাবে গুৰুত্বপূৰ্ণ কথা গণতন্ত্ৰৰ নামত বিজেপিয়ে ক্ষুদ্ৰ অস্তিত্ব আৰু জাতীয়তাবাদক কৰা পদাঘাত।

মাৰাঠী সকলে যদি ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰে তেনেহ'লে শিৱসেনাও বিজেপিৰ জেপত সোমাব। তাৰপাছত বিজেপি আৰু অধিক অগ্ৰাসন ৰূপ ধৰি সমগ্ৰ দেশতেই গণতন্ত্ৰৰ নামত একনায়ত্ববাদৰ পাতনি মেলিব।

এই মুহুৰ্তৰ পৰা আগলৈ বা পিছলৈ উভতি চালে সেই উপলব্ধি সচেতন সকলৰ দৃষ্টিত ধৰা পৰিব। মহাৰাষ্ট্ৰত বিজেপিৰ এই ষড়যন্ত্ৰৰ যোগসূত্ৰ গুৱাহাটীৰ সৈতে থকাৰ পাছত সেয়েহে সকলো অধিক উদ্বিগ্ন হৈ পৰিছে।ঘৰৰ মাটিতেই আছে নেকি বিভীষণ।

উত্তৰ পাবলৈ আমি ৰ'ব লাগিব। মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বাবে ভাল খবৰ বেয়া খবৰ কিবা এটা আহিব।সেই খবৰে কিন্তু ৰাষ্ট্ৰীয়তাবাদ বনাম জাতীয়তাবাদৰ যুঁজ খনক অধিক স্পষ্ট ৰূপত তুলি ধৰিব।