সম্পাদনা মেজ

বেয়া পাইছে অসম-অসমীয়াই! দিল্লীলৈ লিখিব পাৰিবনে এখন চিঠি মুখ্যমন্ত্ৰীয়ে…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

"কোমল কোমল তোৰে কোমল দুগালতে ও চুমা খাং চুমা খাং লাগিছে"- জুবিনৰ জনপ্ৰিয় এই বিহু যেতিয়া বাজিছিল তেতিয়া হয়তো প্ৰতিজন অসমীয়াৰ বুকু গৰ্বত ফুলি উঠিছিল। এখন বিদেশী ৰাষ্ট্ৰ প্ৰধান আদৰিবলৈ বিহু পৰিৱেশন কৰাতো জাতিটোৰ বাবে এক সন্মানৰ বিষয়।

দিল্লীৰ পালম বিমান বন্দৰত মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ চলিহক আদৰণি জনাবলৈ পৰিৱেশন কৰা বিহু নৃত্য দেখি অসমবাসীৰ চকু কপালত উঠিল। এয়া কি? এনেকৈ নাচে জানো বিহু? নাই বিহুৰ কোনো লয়লাস। এয়াতো বিহু হ'ব নোৱাৰে।

৪ দিনৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছিল মালদ্বীপৰ ৰাষ্ট্ৰপতি গৰাকী। ভাৰতৰ সভ্যতা- সংস্কৃতিক তেওঁক দেখুৱাবলৈ হয়তো এই আয়োজন। কিন্তু কান্ধত এটা ঢোল ওলমাই অদ্ভূত নৃত্য ভংগীমাৰে, অদ্ভূত বেশ ভূষাৰে কোনো বিহুৰ এই অৱস্থা কৰিলে।

বিহুৰ গৰিমাত আঘাত হানি খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বিহুৰ নামত ভেঙুচালি কৰা হ'ল। এয়া অসমবাসীৰ প্ৰতিয়েই অপমান। অসমীয়া স্বাভিমানত পদাঘাত। কিয় বাৰে বাৰে এনে কৰা হ'ল? ইয়াৰ পূৰ্বে বিহুক বহুবাৰ অপমান কৰা হৈছে।

ফিট ইণ্ডিয়া মুভমেন্ট কাৰ্যসূচীত বিহুক বিকৃত কৰা হৈছিল। বাংলাদেশৰ ঢাকাত ক্ৰিকেটৰ বিশ্বকাপৰ এক অনুষ্ঠানত বিহুক কি অৱস্থা কৰিছিল হয়তো অসমীয়াই পাহৰিলে। বিহু অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ। কোনোবাই কান্ধত গামোচা লৈ অসমক ভালপোৱাৰ প্ৰমাণ দিব নালাগে।

সেই সকলে আমাৰ সংস্কৃতিক সঠিক ৰূপত তুলি ধৰিবলৈ প্ৰয়াস কৰিলেই যথেষ্ঠ। পাৰিবনে আন ৰাজ্যৰ এনে বিহুৰ দৰে জাতীয় সংস্কৃতিক এই অদ্ভূত ৰূপত তুলি ধৰিব। কোন সংস্কৃতিৰ বেপাৰী বা দালালে বিহুক বিকৃত কৰাৰ মৰ সাহ কৰিলে।

সেই অনুষ্ঠানৰ বাবে অসমৰ পৰা কোনো বিহু দল যোৱা নাছিল। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে প্ৰয়োজন হ'লে এটা দল দিল্লীলৈ প্ৰেৰণ কৰিব পাৰিলহেতেন। কিন্তু জানিব পৰা মতে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰনালয় বা সাংস্কৃতিক মন্ত্ৰানালয়ে তেনে কোনো যোগাযোগ নকৰাকৈ কোনোবা এজেঞ্চি এটা হতোৱাই বিহুৰ এই দশা কৰিলে।

ইয়াৰ বাবে দায়ী কোন? বৈদেশিক মন্ত্ৰানালয়ে বিদেশী ৰাষ্ট্ৰৰ এজন নেতাক আদৰণি জনোৱাৰ সকলোখিনি ব্যৱস্থা বিভিন্ন বিভাগৰ সহযোগত কৰে। বৈদেশিক মন্ত্ৰনালয়ে কাক ইয়াৰ দায়িত্ব দিছিল সেয়া ৰাজহুৱা কৰিব লাগে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অষ্টলক্ষী আখ্যা দি আৱেগৰ ঢৌ সৃষ্টি কৰা প্ৰধানমন্ত্ৰী মোডীয়ে সামাজিক মাধ্যম যোগে অসমৰ প্ৰতি থকা তেওঁৰ দায়িত্ববোধৰ প্ৰমাণ দিয়ে।

এতিয়া অসমবাসীয়ে সুধিছে আমাৰ বিহুক এনেকৈ অপমান কিয় কৰা হ'ল? বিহুৰ নামত বহুৱালী কিয় কৰিলে দিল্লীয়ে? সেই প্ৰশ্নৰ উত্তৰ প্ৰধানমন্ত্ৰীয়ে হয়তো নিদিব, কিন্তু ৰাইজে বিচাৰিব। এটা জাতিৰ মূল জাতীয় উৎসৱক এই দৰে ভেঙুচালি কৰাৰ পাছত স্বাভাৱিকতে মানুহৰ মনত বিভিন্ন প্ৰশ্নৰ উদয় হ'ব।

দেশখনত বিকিবলৈ আৰু হয়তো একো নাই। সংস্কৃতিকো এনেদৰে কোনোবা বেপাৰীৰ হাতত তুলি দিলে। আমাৰ জাতীয় আৱেগৰ সৈতে খেলা কৰিলে। এতিয়া প্ৰশ্ন হয় বাৰে বাৰে এইবোৰ হৈ থাকিব দিয়া হ'ব,নে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাৱ্যস্তৰে সংশ্লিষ্ট পক্ষলৈ এক বাৰ্তা প্ৰেৰণ কৰিম।

প্ৰতিক্ৰিয়া বিভিন্ন জনে কৰিছে। বিহুৰ এই ৰূপ দেখি চূড়ান্ত আঘাত পাইছে। মানুহে বিহুক কি কৰিলে বুলি ইছ আছ কৰিছে। এয়া যিহেতু এক চৰকাৰী অনুষ্ঠান, অসমৰ আৱেগ অনুভূতিত ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে আঘাত হনা হৈছে সেই কথা দিল্লীক কৈ থোৱা ভাল নেকি?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংশ্লিষ্ট মন্ত্ৰনালয়লৈ এখন পত্ৰ লিখিব লাগে। জাতিৰ স্বাৰ্থত লিখিব লাগে এই চিঠি। অসম চৰকাৰে জনাব লাগে বিহুক যি কৰা হ'ল তাত অসমবাসীয়ে আঘাত পাইছে। পৰৱৰ্তী সময়ত বিহুৰ নামত এনে ল'ৰা ধেমালী যাতে চৰকাৰী পৃষ্ঠপোষকতাত কৰা নহয় সেই বিষয়টো আনুষ্ঠানিকভাৱে জনাই থব লাগে।

ৰাজ্যত সাংস্কৃতিক বিভাগৰ এজন মন্ত্ৰী আছে। তেওঁ এই বিষয়টো গুৰুত্ব সহকাৰে লৈ কথাবোৰ জনাই থোৱা ভাল। সেয়া কৰিবলৈ সাহস হ'বনে মুখ্যমন্ত্ৰীৰ? পাৰিবনে লিখিবলৈ এখন এনে চিঠি? এই চিঠি লিখে হয়তো অপৰাধ নহ'ব। ৰাজ্যৰ বৌদ্ধিক,সাংস্কৃতিক সমাজেও এইবোৰ বিষয়ত যুক্তি সহকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন।

এক জনমত গঠনৰ সময় এয়া। নিজৰ ক্ষোভ আৰু অসন্তুষ্টি ব্যক্তৰে অতি ভদ্ৰ ভাৱেও আমি এই কথাবোৰ দিল্লীৰ দৃষ্টিগোচৰ কৰিব পাৰো। বিৰোধী পক্ষৰো ইয়াত ভূমিকা থাকিব লাগে। আন প্ৰসংগবোৰৰ লগতে অসমৰ এই জাতীয় জীৱনৰ সৈতে জড়িত হৈ থকা কথাবোৰৰো প্ৰতি তেওঁলোক সচেতন হোৱাতো প্ৰয়োজন।

বহুতে ভাৱিব পাৰে বিহুৰ নামত এনে কৰা হ'ল , তাতে জাতিৰ কি ক্ষতি হ'ল? স্বাভিমান নথকা জাতি, আৱেগ নথকা জাতিৰ অস্তিত্ব কিমান দিনলৈ থাকে। অসমীয়াৰ পৰিচয় বিহু। সেই বিহুক কোনোবা সাংস্কৃতিৰ বেপাৰীয়ে যি ইচ্ছা তাকেই কৰিব সেয়া কেনেকৈ হ'ব? চৰকাৰে সেই সকলোকে ৰঙা দলিচা পাৰি দিব, প্ৰকৃত অসমীয়াই সেয়া কেনেকৈ মানি ল'ব?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা ৰাজ্য চৰকাৰে এই অসন্তুষ্টি খিনিক দিল্লীক জনালে অন্তত দিল্লীয়ে বুজি পাব অসমবাসী নিজৰ সংস্কৃতিক লৈ সচেতন। ৰাইজে বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে দিল্লীয়ে ভাৱিবলৈ বাধ্য হব বাৰে বাৰে এনে ভুল কৰিলে অসম অসমীয়াই ক্ষমা নকৰিব।