অর্থনীতি

তিনিটা বেংকক বৃহৎ পৰিমাণৰ জৰিমণা ৰিজাৰ্ভ বেংকৰ…

asomiyapratidin

তিনিটা বেংকক বৃহৎ পৰিমাণৰ জৰিমণা ৰিজাৰ্ভ বেংকৰ…

ডিজিটেল ডেস্কঃ দেশৰ তিনিটা সমবায় বেংকক ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃহৎ পৰিমাণৰ জৰিমণা আৰোপ কৰিছে। ৰিজাৰ্ভ বেংকৰ বিভিন্ন নীতি-নিয়ম উলংঘন কৰাৰ বাবেই এই শাস্তিৰ সন্মুখীন হৈছে সমবায় বেংক তিনিটা। জানিব পৰা মতে মোগাভিৰা কো-অপৰাটেভিভ বেংক লিমিটেড, ইণ্দ্ৰাপুৰ নগৰ সমবায় বেংক আৰু বাৰামতী সমবায় বেংক লিমিটেডৰ ওপৰত ৰিভাৰ্ভ বেংকে ক্ৰমে ১২ লাখ, ১০ লাখ আৰু ১ লাখ টকাৰ জৰিমণা আৰোপ কৰিছে।

মোগাবিৰা কো-অপাৰেটিভ বেংকে জমাকৰ্তাৰ শিক্ষা আৰু সজাগতা পুঁজিৰ দাবীবিহহীন জমাক সম্পূৰ্ণ ৰূপে স্থানান্তৰ কৰা নাছিল। বেংকটোৱে তেওঁলোকৰ নিস্ক্ৰিয় একাউণ্টবোৰো পৰ্যালোচনা কৰা নাছিল। ইয়াৰ উপৰিও বেংকটোৱে বহুকেইটা নীতি উংলঘন কৰিছিল। সেয়েহে এই বেংকটোক ১২ লাখ টকাৰ জৰিমণা বিহা হৈছে।

আনহাতে ইন্দ্ৰাপুৰ নগৰ সমবায় বেংকে অসুৰক্ষিত ঋণৰ ওপৰত কোনো সীমা নিৰ্ধাৰণ কৰা নাছিল।বেংকটোৱে একাউণ্ট বিপদাংশকা শ্ৰেণী বিভাজনৰ বাবে সাময়িক সমীক্ষাৰ কোনো প্ৰণালীও সৃষ্টি কৰা নাই। এনেদৰে কেন্দ্ৰীয় বেংকটোৰ নীতি উলংঘন কৰাৰ বাবে ইণ্দ্ৰাপুৰ নগৰ সমবায় বেংকৰ ওপৰত ১০ লাখ টকাৰ জৰিমণা বিহা হৈছে। ইয়াৰ উপৰিও বাৰামতী সমবায় বেংকেও কেন্দ্ৰীয় বেংকৰ নীতি উলংঘন কৰাৰ বাবে ১ লাখ টকাৰ জৰিমণা বিহা হৈছে।