অসম

এনে জুবিন জনতাই বিচাৰে! বিহুৰ মঞ্চত পুৰণি দিনৰ সেই মনপৰশা কণ্ঠ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জুবিন। এক আবেগ! পুৱা উঠি ৰেডিঅ'টো বজাই জুবিন গাৰ্গৰ গান শুনিয়েই যেন একাংশৰ বাবে আৰাম্ভ হৈছিল দিনটোৰ। জুবিনৰ গীতত যৌৱন নামে। শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে বাবে হিয়াৰ আমঠু জুবিন গাৰ্গ। আনে যোৱা বাটে নোযোৱা, তুমি চোৱা যেতিয়া, মায়াবিনী ৰাতিৰ বুকুত আদি হাজাৰ হাজাৰ গান জনতাক উপহাৰ দি গৈছে জুবিনে।

কিন্তু বিগত কেইটামান বছৰৰ পৰা প্ৰায়েই বিতৰ্কত আছিল জুবিন গাৰ্গ। বিহুৰ অনুষ্ঠানৰ সময়তো জুবিন বিতৰ্কত থকাতো স্বাভাৱিক হৈ পৰিছিল। বিশেষকৈ নিশা দেৰীলৈ অনুষ্ঠান পৰিৱেশন কৰা বা ১০-১১ বজাৰ পাছতহে জুবিনে গান গাবলৈ আৰম্ভ কৰাক লৈ বহুতে আপত্তি কৰিছিল।

তদুপৰি একাংশ অনুৰাগীয়ে বোকাত কৰা নৃত্য বা আন উদ্ভাণ্ডলী সমূহে সচেতন জনতাক বাৰুকৈয়ে চিন্তিত কৰিছিল। তদুপৰি জুবিনে যেন হেৰুৱাই পেলাইছিল আগৰ সেই কন্ঠ।

বহুতে দুখ প্ৰকাশ কৰিছিল যে আগৰ সেই জুবিনৰ কণ্ঠ নাই। তদুপৰি মঞ্চত জুবিনে গোৱা গীত শুনি বহুত শংকিত হৈ গৈছিল যে কিয় এনে হৈ গল জুবিনৰ কণ্ঠ। মাজতে অসুস্থও হৈছিল জুবিন গাৰ্গ। তেতিয়াই অনুৰাগীয়ে জুবিনৰ আহ্বান কৰিছিল তেওঁ যাতে স্বাস্থ্যৰ যতন লয়।

জুবিন যেন শুনিলে অনুৰাগীৰ আহ্বান। জনতাক ভাল পোৱা জুবিনক এইবাৰ মঞ্চত দেখা পোৱা গ'ল অন্য ৰূপত। এটাৰ পাছত আন এটা জনপ্ৰিয় গীত গাইছে জুবিন। যেন আগৰ সেই জুবিন ঘূৰি আহিছে।

বিহু মঞ্চত জুবিনে গোৱা গীত শুনি অনুৰাগীয়ে কৈছে যে জুবিন ঘূৰি আহিল! বিহু মঞ্চ সেই আগৰ জুবিন। জুবিনৰ মন পৰশা কণ্ঠই মুহিত কৰিছে জনতাক। সকলোকে আচৰিত কৰি ১ বজাৰ আগতেই জুবিনে এৰিছে বিহুৰ অনুষ্ঠান।

কিছুদিন পূৰ্বে বঙাইগাঁৱৰ এক অনুষ্ঠানত জুবিনে কৈছে যে তেওঁ ১ বজাৰ আগতে অনুষ্ঠান সামৰিব। কিয়নো পিতৃয়ে তেওঁ তেনে কৰিবলৈ কৈছে। আৰু তেওঁ পিতৃৰ কথা শুনে।

কথা যিহেই নহওক, জুবিনক দেখি এইবাৰ সন্তুষ্ট অনুৰাগী। জুবিনে গান গাইছে জনতাই শুনিছে। এনেকৈয়ে থাকক জুবিন আৰু তেওঁৰ কন্ঠ। অসমত আৰু দ্বিতীয়জন জুবিন নাই। মানুহে ভাল পাই তেওঁক। ভালে থাকক...