অসম

যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ আৰ্ট ফিল্ম 'নৰকাসুৰ'...

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসমৰ সাংস্কৃতিক জগতৰ এটি চিনাকি নাম চিন্ময় বাৰ্মা। সুকীয়া চিন্তাশৈলী তথা কলাত্মক চিন্তাৰ সমাহাৰ ঘটাই যুৱ পৰিচালকগৰাকীয়ে নিৰ্মাণ কৰি আহিছে ভালেসংখ্যক চুটি ছবি।

তেওঁৰ ছবিৰ মূল উপজীব্য সমল হৈছে অসমৰ পটভূমি। লোককথা, লোকসাহিত্য, লোকাচাৰ তথা থলুৱা বিষয়বস্তুৰ আধাৰতে তেওঁ নিৰ্মাণ কৰে চুটি ছবিসমূহ। ইতিমধ্যে তেওঁৰ উল্লেখযোগ্য ছবিসমূহে দেশ-বিদেশৰ বিভিন্ন প্ৰেক্ষাপটত আদৰ বুটলিবলৈ সক্ষম হৈছে। ভালেসংখ্যক ছবি আন্তৰ্জাতিক পৰ্যায়ৰ বঁটাৰে সমৃদ্ধও হৈছে।

এনবোৰ কথাৰ মাজতে উদীয়মান পৰিচালক চিন্ময় বাৰ্মাই নিৰ্মাণ কৰিবলৈ ওলাইছে আন এখন চুটি ছবি। ইতিমধ্যে ছবিখনৰ নাম আৰু পোষ্টাৰ মুকলি কৰা হৈছে। ঘোষণা কৰা ছবিখনৰ নাম হ'ল 'নৰকাসুৰ'। এই ছবিখন নিৰ্বাক হ'ব বুলি পৰিচালক বাৰ্মাই জানিবলৈ দিয়ে।

পৰিচালকগৰাকীয়ে জনোৱা অনুসৰি নৰকাসুৰ মূলত 'নৰ' আৰু 'অসুৰ' এই দুয়োটা নামৰ আধাৰতে ছবিখন নিৰ্মাণ কৰা হৈছে। প্ৰতিগৰাকী ব্যক্তিৰ অন্তৰাত্মাত নিহিত হৈ থাকে একো একোটা মানুহ অৰ্থাৎ 'নৰ' আৰু 'অসুৰ' নামৰ দুটা প্ৰকৃতি।

যোগাত্মক আৰু ঋণাত্মক প্ৰকৃতিয়ে কিদৰে এগৰাকী ব্যক্তিৰ জীৱন পৰিক্ৰমাত প্ৰভাৱ পেলাই সেই সন্দৰ্ভতে 'নৰকাসুৰ' ছবিখনৰ ভেটি নিৰ্মাণ কৰা হৈছে। নৰকাসুৰ এখন কলাত্মক ছবি। ইয়াৰ মাধ্যমেৰে পৰিচালকে দৰ্শকক কিছু চিন্তাৰ খোৰাক যোগোৱাৰ বাবে চেষ্টা কৰা বুলি জনায়। সমাজৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ কলাত্মক দৃষ্টিৰে ছবিখনৰ জড়িয়তে উপস্থাপন কৰা হ'ব।

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতীয় সংস্কৃতিৰ লগতে আধ্যাত্মিক চিন্তা-চেতনাত নৰকাসুৰ এটি চিনাকি নাম। এই চৰিত্ৰ সন্দৰ্ভত অধিকাংশ লোকেই জ্ঞাত। বিশেষকৈ ইয়াক ঋণাত্মক দৃষ্টিভংগীৰে চৰিত্ৰটিৰ মান নিৰ্ণয় কৰা হয়। পৰিচালকে জনোৱা অনুসৰি নৰকাসুৰৰ মূল চৰিত্ৰটিৰ 'নৰ' আৰু 'অসুৰ' এই নিৰ্দিষ্ট শব্দ দুটিকে সমল হিচাপে লৈ ছবিখন নিৰ্মাণ কৰিছে।

ছবিখনৰ নিৰ্মাণৰ আঁৰত ভালেকেইগৰাকী প্ৰতিভাৱন শিল্পী জড়িত হৈ আছে। ছবিখনৰ কাহিনী, পৰিচালনা আৰু পৰিকল্পনা চিন্ময় বাৰ্মাৰ, প্ৰযোজক মানস প্ৰতীম, কাহিনীৰ সহযোগী জংকী শৰ্মা, খুচবু ফিৰদৌসী আৰু মেজেংকৰীয়ে।

আনহাতে সহকাৰী পৰিচালক হিচাপে আছে সায়ান সেনগুপ্তা, কেমেৰা তত্বাৱধায়ক ইক্ৰিম হক, চিত্ৰগ্ৰহণ মনোজ বণিয়া আৰু সায়ান সেনগুপ্তা। সংগীত বিদ্যুৎ বিকাশ বৰুৱা আৰু প্ৰতীমৰ। অভিনয়ত মিনিমি, কৰণকে ধৰি ভালেকেইগৰাকীয়ে অভিনয় কৰিছে। ইয়াৰোপৰি সহযোগী প্ৰযোজক হিচাপে আছে খাবিনে আৰু চানফ্লাৱাৰ নামৰ দুটি সংস্থা।