অসম

কামৰূপ মহানগৰ জিলাত বিশ্ব মেলেৰীয়া দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ডিগাৰুৰ বামুণখাট গাঁৱস্থিত আমচাং বাগিচা আদৰ্শ উচ্চ মাধ্যামিক বিদ্যালয়ত বৃহস্পতিবাৰে বিশ্ব মেলেৰিয়া দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ অধীনত তথা যুটীয়া স্বাস্থ্য সঞ্চালক কামৰূপ মহানগৰৰ উদ্যোগত আজি বিশ্ব মেলেৰীয়া দিৱসটি উদযাপন কৰা হয়।

উক্ত দিৱসৰ লগত সংগতি ৰাখি এখনি স্বাস্থ্য সজাগতা সভাৰ লগতে প্ৰদৰ্শনী, শোভাযাত্ৰা, কুইজ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সজাগতা সভাখনত মেলেৰীয়া ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা সম্পৰ্কে আলোচনা কৰা হয়।

উক্ত সভাত কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সংঞ্চালক ডাঃ উদয় শংকৰ মেধি, মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ অপূৰ্ব কৃষ্ণ শৰ্মা, জ'নেল মেলেৰীয়া বিষয়া ডাঃ বিকাশ ৰঞ্জন গগৈ, জিলা মেলেৰীয়া বিষয়া মৃদুল তালুকদাৰ, আমচাং বাগিচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামী, জিলা বাহক জনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰামৰ্শদাতা স্বপ্নালী শইকীয়া ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কামৰূপ মহানগৰৰ জিলা কাৰ্যক্ৰম বিষয়া সনাতন ইছুৱাৰী, জিলা বিত্ত বিষয়া মৃদুপৱন দত্তৰ লগতে বিদ্যালয়ৰ সমূহ শিক্ষক- শিক্ষয়ত্ৰী, অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ডিগাৰু ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ বনস্মিতা হালৈৰ লগতে স্থানীয় স্বাস্থ্য কৰ্মী, আশা কৰ্মী আদি উপস্থিত থাকি বিভিন্ন স্বাস্থ্য বিষয়ক পৰামৰ্শ আগবঢ়ায়।

ইয়াৰোপৰি উক্ত সভাত সহকাৰী বিষয়া এন হেঙনাককে ধৰি পৰাগজ্যোতি গোস্বামী, সুকুমাৰ চক্ৰৱৰ্তী আদি স্বাস্থ্য কৰ্মী উপস্থিত থাকে।