অসম

ম্যানমাৰৰ পৰা মণিপুৰ হৈ গোলাঘাট জিলাৰ নতুন পথেৰে চেগুনৰ চোৰাং সৰবৰাহ

Asomiya Pratidin

ডিজিটেল ডেস্ক: ড্ৰাগছ মাৰণাস্ত্ৰ অথবা চুপাৰীয়েই নহয়, ম্যানমাৰৰ পৰা মণিপুৰ হৈ গোলাঘাট জিলাৰ নতুন পথেৰে চেগুনৰ চোৰাং সৰবৰাহ। বোকাখাটত জব্দ চেগুন ভৰ্তি বিশাল ট্ৰাক । ট্ৰাক খনৰ নম্বৰ MN 01 9935।

মণিপুৰৰ পৰা অবৈধভাৱে চেগুন কাঠ ভৰ্তি কৰি আনি থকা অৱস্থাত বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত ট্ৰাকখন জব্দ কৰে ৷ ইতিমধ্যে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰি দেওবাৰে বোকাখাতৰ ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বনবিভাগে ৷

উল্লেখ্য যে, ট্ৰাক উদ্ধাৰৰ বাবে বন বিভাগৰ ওপৰত প্ৰভাৱ শালী ব্যক্তিৰ প্ৰচণ্ড হেঁচা পৰিছে। ৰেঞ্জাৰে জব্দ কৰা ট্ৰাকখন বোকাখাতৰ সংমণ্ডল বন বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে ।

ট্ৰাকৰ চালকক সোধা পোছা অবিহনেই প্ৰেৰণ কৰা হৈছে জেললৈ। সোধা পোছা কৰিলে বহু তথ্য ওলাই পৰাৰ সম্ভাৱণা

আৰু পঢ়ক: বটদ্ৰৱাৰ কৌতুক অভিনেতা ভবেন কলিতাৰ অকাল বিয়োগ