অসম

অসম অৰুণাচল সীমান্তত সীমা ৰক্ষকৰ ৰূপত এগৰাকী মহিলা

Asomiya Pratidin

ডিজিটেল সংবাদ, বান্দৰদেৱা : এগৰাকী মহিলা। নাম অনুমাই বৰা। ঘৰ লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীটৰ মধূপুৰত। স্বনিয়োজনেৰে সমাজত এক নজিৰবিহীন দৃষ্টান্ত প্ৰতিস্থা কৰিবলৈ সক্ষম হোৱা অনুমাই বৰা নামৰ মহিলা গৰাকী থিয় হৈ আছে অসম অৰুণাচল সীমান্তত এগৰাকী আন্ত:ৰাজ্যিক সীমা ৰক্ষকৰ ৰূপত। যি সময়ত অসমৰ ভূমি বেদখলেৰে অৰুণাচলীয়ে সীমামুৰীয়া অঞ্চল সমূহত উপদ্ৰৱ অব্যাহত ৰাখিছে সেই সময়তে ২০০৬ চনৰে পৰা অসম অৰুণাচলৰ সীমাত এখন চাহ পুলি উৎপাদনৰ নাৰ্চাৰীৰে নিজৰ ব্যৱসায় স্থাপন কৰি একপ্ৰকাৰ মাইলৰ খুটি হিচাপে থিয় দি আছে লখিমপুৰ জিলাৰ অসম অৰুণাচলৰ সীমান্তত এই মহিলা গৰাকী।

২০০৬ চনতে সীমান্তৰ এটা পাহাৰৰ ওপৰত নিজৰ মাত্ৰ পাঁচ হাজাৰ টকা মুলধনেৰে চাহপুলি উৎপাদনৰ এখন নাৰ্চাৰী আৰম্ভ কৰিছিল মণিৰাম বৰাৰ পত্নী অনুমাই বৰাই ।প্ৰথম প্ৰচেষ্টাতে পাঁচ হাজাৰ টকা মুলধন বিনিয়োগেৰে ৬০ হাজাৰ টকা লাভ কৰাৰ পিছত বিশ হাজাৰ টকা খটুৱাই ডেৰ লক্ষাধিক টকা লাভ কৰিছিল চাহ পুলি বিক্ৰীৰে।তাৰ পিছত আৰু ৰৈ থাকিব লগা নহ'ল ।

চাহ পুলিৰ লগতে মহিলা গৰাকীয়ে পাহাৰৰ নামনিত মীন পালনৰ বাবে খান্দিলে পুখুৰী। ট্ৰেক্টৰ পাৱাৰ টিলাৰ চলোৱাতো সিদ্ধহস্ত মহিলা গৰাকীৰ নাৰ্চাৰীত এতিয়া কাম কৰি স্বাৱলম্বী হৈছে আন কেইবা গৰাকীও লোক। চাহ গছৰ গুটিৰ পৰা থলুৱা পদ্ধতিৰে চাহ পুলি উৎপাদন কৰি মহিলা গৰাকীয়ে উত্তৰ অসমৰ লগতে উজনি অসমৰ বিভিন্ন জিলাৰ চাহ বাগান আৰু চাহ উদ্যোগীক যোগান ধৰি আহিছে চাহ গছৰ পুলি।

ঘৰৰ কাম কাজ কৰি দিনৰ দিনটো নাৰ্চাৰীৰ পুলি উৎপাদনৰ লগত নিজক জড়িত কৰি ৰখা মহিলা গৰাকীয়ে এতিয়াও চৰকাৰ প্ৰশাসনৰ সুদৃষ্টি লাভ কৰিবলৈ সক্ষম নহলেও এটা খোজো কেতিয়াও থমকি ৰব লগা হোৱা নাই। চৰকাৰী সুদৃষ্টি লাভ নকৰিলেও এইবোৰক লৈ মহিলা গৰাকীৰ নাই কোনো অভিযোগ অসন্তুষ্টি। ৰাজ্য চৰকাৰে থলুৱা উদ্যোগী সকলৰ প্ৰতি বিশেষ সুদৃষ্টি দিয়া পৰিলক্ষিত নহলেও বিশেষত অসম অৰুণাচলৰ সীমাত এনেদৰে অসমৰ ভূমি ৰক্ষাৰ লগতে মহিলা উদ্যোগী সকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই অহা অনুমাই বৰাৰ দৰে মহিলা সকল সদায় বহুতৰ বাবে এক অনুপ্ৰেৰণাদায়ক আদৰ্শ হৈ ৰ'ব।