ড্ৰাগচ আসক্ত যুৱক
ড্ৰাগচ আসক্ত যুৱক 
অসম

ড্ৰাগছ আসক্ত স্বামী ধৰা পৰাত বিহ পান কৰি আত্মহত্যা পত্নীৰ...

Asomiya Pratidin

প্ৰতিদিন সংবাদ, ফিল’বাৰীঃ মাৰাত্মক নিচাযুক্ত দ্ৰব্য ড্ৰাগছৰ অবাধ প্ৰচলনৰ ফলত ক্ৰমে ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে বৃহত্তৰ ফিল’বাৰী অঞ্চলত ৷ বিশেষকৈ অঞ্চলটোৰ একাংশ গাঁৱত ড্ৰাগচ আসক্তৰ বাবেই নিতৌ সংঘটিত হ’ব ধৰিছে পৰিয়ালকেন্দ্ৰিক সংঘাতৰ লগতে লুট-পাত তথা চুৰি জনিত ঘটনা ৷

বুধবাৰে ফিল’বাৰী আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱত পাঁচ জনকৈ যুৱকক ড্ৰাগছ সেৱন থকাৰ অৱস্থাতে স্থানীয় নাজিৰাটিং বহুমুখী উন্নয়ন সংঘৰ কৰ্মকৰ্তাসকলে হাতে-লোটে কৰায়ত্ত কৰে ৷ কৰায়ত্ত কৰি সংঘৰ মজিয়াতে বন্ধুত্বমূলকভাৱে আলোচনা কৰি ধৃত যুৱক কেইজনক ড্ৰাগচমুক্ত সমাজৰ সকে কাম কৰাত সহযোগিতা কৰিবলৈ আহ্বান জনাই ৷

সংঘৰ মজিয়াত ড্ৰাগছ আসক্ত ধৃত যুৱক কেইজনে অঞ্চলটোত ড্ৰাগচৰ বেহা চলাই থকা ৬ গৰাকীকৈ লোকৰ নামো প্ৰকাশ কৰে ৷ ইফালে বহুমুখী উন্নয়ন সংঘৰ মজিয়াত কালি অঞ্চলটোত প্ৰচলন হৈ থকা ড্ৰাগছৰ বিৰুদ্ধে ৰাইজ সৰৱ হৈ থকাৰ সময়তে হঠাৎ স্থানীয় আমগুৰি গাঁৱত সংঘটিত হ’য় এক অনাকাংক্ষিত ঘটনা ৷

ড্ৰাগচৰ বেহা

ড্ৰাগছ আসক্ত ধৃত পাঁচ যুৱকৰ ভিতৰত অৰুণজ্যোতি মৰাণৰ পত্নী সৰুমাই মৰাণে স্বামীয়ে ড্ৰাগছসহ ধৰা পৰা বুলি জানি নিজা ঘৰতে বিহ পান কৰে ৷ হঠাৎ ৰাসায়নিক দ্ৰব্য সেৱন কৰাত সৰুমাই (২৪)ৰ আমগুৰিৰ ঘৰখনত হুৱা-দুৱা লাগে ৷

পৰিয়ালৰ লোকসকলে সংকটতজনক অৱস্থাত সৰুমাইক চিকিৎসালয়লৈ নিছিল যদিও বৃহস্পতিবাৰে পুৱা বোৱাৰী গৰাকীৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ বোৱাৰী গৰাকীৰ এই মৃত্যুৰ পাছতে এতিয়া অঞ্চলটোত কৰুণ অৱস্থাৰ সৃষ্টি হৈছে ৷

ড্ৰাগছৰ অবাধ প্ৰচলনৰ পৰিণতিতে এগৰাকী বোৱাৰীয়ে এনেদৰে মৃত্যুক আঁকোৱালী ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল বুলি সৰ্বত্ৰে চৰ্চা চলিছে ৷ বোৱাৰী গৰাকীৰ মাতৃগৃহ মাকুম বৰগাঁওতো শোকৰ ছাঁ পৰিছে ৷ ইপিনে সংঘৰ এজাহাৰৰ ভিত্তিত ধৃত পাঁচ যুৱকক ফিল’বাৰীৰ আৰক্ষীয়ে আটক কৰিছে ৷ পৰিতাপৰ কথা যে অঞ্চলটোত ড্ৰাগচৰ প্ৰচলনে কালৰূপ ধাৰণ কৰা বুলি জানিও স্থানীয় আৰক্ষী-প্ৰশাসনে সময়ত কোনো ব্যৱস্থা নোলোৱাৰ বাবেই এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷