অসম

অনাগত ৫দিনলৈ থাকিব হাড় কপোৱা জাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : সম্প্ৰতি অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেউকেইখন ৰাজ্যতে পৰিছে ঘন কুঁৱলী আৰু প্ৰচণ্ড শীত। যাৰ বাবে ঠায়ে ঠায়ে সংঘটিত হৈছে অনাকাঙ্খিত ঘটনা।

আগেয়ে অক্টোবৰ মাহৰ শেষৰ ফালে শীত পৰিছিল যদিও জলবায়ু পৰিৱৰ্তনকে ধৰি আনুসংগিক কাৰণতবশতঃ সম্প্ৰতি জানুৱাৰী মাহৰ মাজত ভাগত শীতৰ প্ৰকোপ আকাস্মাতে বৃদ্ধি পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি অনাগত ৫দিনলৈ থাকিব হাড় কপোৱা জাৰ। উত্তৰ-পূবৰ লগতে অসমৰো ঠায়ে ঠায়ে বৃদ্ধি পাব শীতৰ প্ৰকোপ।

অহা ১৫ জানুৱাৰী পৰ্যন্ত থাকিব শীতৰ প্ৰকোপ। সমান্তৰালকৈ থাকিব ঘন কুঁৱলী। এইক্ষেত্ৰত যান-বাহনৰ চালকসকলে সাৱধানতা অৱলম্বন কৰাটো উচিত বুলি বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰে।