অসম

কাজিৰঙাত দ্ৰুতবেগী বাহনৰ খুন্দাত প্ৰতিদিনাই নিহত বন্যপ্ৰাণী...

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত আইন উলংঘা কৰি দ্ৰুত গতিত চলোৱা অচিনাক্ত বাহনৰ খুন্দাত নিহত হৈ আহিছে ইটোৰ পাছত সিতো বন্যপ্ৰাণী ৷

শুকুৰবাৰে সন্ধিয়া কাজিৰঙাৰ পানবাৰী সংৰক্ষিত বনাঞ্চলৰ সমিপৰ মেঠনিত পুনৰ এটা নাহৰফুটুকীৰ মৃত্যু হয় দ্ৰুত বেগী অচিনাক্ত বাহনৰ খুন্দাত ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত আৰক্ষী আৰু বনবিভাগে অভিযান চলালে যদিও উৱাদিহ নাপালে বাহনখনৰ ৷

আনহাতে নিহত মতা নাহৰফুটুকীটো বিভাগীয় নিয়ম অনুসৰি মৰোণোত্তৰ পৰীক্ষাৰ পাছত দাহ কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ এইক্ষেত্ৰত উত্থাপন হোৱা অভিযোগ অনুসৰি কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ঘন্টাত ৪০ কিলোমিটাৰতকৈ অধিক গতিত বাহন চলোৱা নিষেধ যদিও অধিকাংশ যানবাহনেই নামানে আইন ৷ তদুপৰি বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় পথত স্থাপন কৰা কেমেৰা সমূহো পৰিণত হ’ল বগা হাতীলৈ ৷