অসম

কলিয়াবৰত বন্য হস্তীৰ আক্ৰমণত বৃদ্ধৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ নিশা কলিয়াবৰত বন্যহস্তীৰ আক্ৰমনত নিহত এগৰাকী বৃদ্ধ। কলিয়াবৰৰ বড়িগাঁৱত সংঘটিত হৈছে এই ঘটনা। খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলায় অহা এটা ভোকাতুৰ হাতীয়ে কলিয়াবৰৰ ভিন্ন প্ৰান্তত চলাইছে তাণ্ডৱ। কলিয়াবৰৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাট।

মঙলবাৰে নিশা কলিয়াবৰৰ বড়িগাঁৱত দেখা গ'ল হাতী - মানুহৰ সংঘাটৰ চূড়ান্ত ৰূপ।বনৰীয়া হাতীৰ আক্ৰমণত নিজ ঘৰৰ চোতালতে মৃত্যু হয় এজনৰ। নিশা প্ৰস্ৰাব কৰিবলৈ ঘৰৰ বাহিৰলৈ ওলাই আহি বন্য হস্তীৰ আক্ৰমনত নিহতজনক প্ৰায় ৮৫ বছৰীয়া মোহন তামুলী বুলি চিনাক্ত কৰা হৈছে। বনৰীয়া হাতীটোৱে বৃদ্ধজনক মূৰ আৰু ভৰিত গছকি হত্যা কৰে। ঘটনাস্থলীত বনবিভাগ আৰু জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।