অসম

বোকাখাত জাতীয় বিদ্যালয়ত বন্যহস্তীয়ে কৰিলে বিস্তৰ ক্ষতি...

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাত : শনিবাৰে নিশা বোকাখাতৰ নগৰ অঞ্চলত বন্যহস্তীৰ বিচৰণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা ৫ টাকৈ বন্যহস্তীয়ে বোকাখাত নগৰ অঞ্চলৰ ১নং ৱাৰ্ডত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰে।

হাতী খেদা স্থানীয় লোকৰ অত্যাচাৰত দিশহাৰা হৈ পৰে হাতী কেইটা। ইয়াৰে দিশহাৰা দুটা হাতীয়ে বিস্তৰ ক্ষতিসাধন কৰে বোকাখাত জাতীয় বিদ্যালয়ৰ। ফলত বিদ্যালয়খনৰ আবাসিক ছাত্ৰ সকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে একাংশ স্থানীয় লোকে ট্ৰেক্টৰ চলাই হাতী খেদিবলৈ কৰা চেষ্টাৰ বাবেই হাতীকেইটা দিশহাৰা হৈ পৰে বুলি জানিবলৈ দিছে সচেতন লোকে।