অসম

মৰঙীত বন্যহস্তীৰ তাণ্ডৱ, খাদ্য বিচাৰি তহিলং সকলো...

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাটৰ মৰঙিত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস। নিশা হাতীৰ এটা বৃহৎ জাকে পোৰাবঙলা অঞ্চলত ত্ৰাস চলাই অঞ্চলটোত।

এটা ধান মিলৰ বৃহৎ পৰিমাণৰ ধান খাই গছকি অনিষ্ট কৰাৰ লগতে বাৰীৰ গছ-গছনি অনিষ্ট কৰি ওৰে নিশা উপদ্ৰৱ চলাই অঞ্চলটোত। নিশাই বন বিভাগৰ লোক উপস্থিত হৈ গুলী ফুটাই আঁতৰাই পঠিয়াবলৈ চেষ্টা চলাই হাতীৰ জাকটোক ।

কিন্তু খাদ্যৰ অভাৱত হাতীৰ জাকটোৱে ওৰে নিশা বিচৰণ কৰি থাকে অঞ্চলটোত। যাৰ বাবে অঞ্চলটোৰ লোক সকলে উজাগৰে থাকি পহৰা দিব লগা হয় । এনেদৰেই এতিয়া দিনে নিশাই মৰঙিৰ ভিন্ন প্ৰান্তত হাতীৰ জাকটোৱে চলাই আহিছে উপদ্ৰৱ।