অসম

মানকাচৰ সীমান্তত মেঘালয়ৰ বনৰীয়া হাতীৰ তাণ্ডৱঃ বাংলাদেশত প্ৰৱেশ হাতীৰ জাক…

asomiyapratidin

ডিজিটেল সংবাদ মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাত মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী কালো গাঁৱত যোৱা নিশা মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা এজাক বনৰীয়া হাতী প্ৰৱেশ কৰি খেতি পথাৰত উপদ্ৰৱ চলাই। ইয়াৰ পিছত পুনৰ হাতীৰ জাকটো কালো নদীৰ ওপৰত থকা আন্তৰাষ্ট্ৰীয় সীমান্তৰ দলং এখনৰ তলেৰে বাংলাদেশলৈ প্ৰৱেশ কৰে।

প্ৰায় ৩০ জনীয়া হাতীৰ জাকটো নিশাৰ ভাগত বাংলাদেশৰ খেতি পথাৰ তহিলং কৰাৰ লগতে এজন লোকৰ ঘৰ-দুৱাৰ ভাঙি নষ্ট কৰে। হাতীৰ জাকটো পুৱাৰ ভাগত পুনৰ কালো নদীৰ দলংখনৰ তলেৰে ভাৰতলৈ প্ৰৱেশ কৰি মানকাচৰ হৈ মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ গাৰো পাহাৰত আশ্ৰয় লয়।

খাদ্যৰ সন্ধানত হাতীৰ জাকটো এইদৰে গাৰো পাহাৰৰ পৰা জনাঞ্চললৈ নামি অহাত মানকাচৰৰ সাধাৰন ৰাইজৰ মাজত নিশা হাহাকাৰ জনক পৰিবেশৰ সৃষ্টি হৈছিল। নিশা গাঁওবাসীয়ে বিভিন্ন প্ৰকাৰে হাতীৰ জাকটোক খেদা মৰাত বাংলাদেশলৈ গতি কৰিছিল।