অসম

কোকৰাঝাৰত হাতীৰ আক্ৰমণত দুজনৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাত দুটা পৃথক পৃথক ঘটনাত দুজনকৈ লোক হাতীৰ আক্ৰমণত নিহত হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ভাৰত ভূটান সীমান্তৰ ঝাৰবাৰী আৰু উল্টাপানীত দেওবাৰে বিয়লি দুটা পৃথক পৃথক ঘটনাত উক্ত অঘটন সংঘটিত হৈছে । হাতীৰ আক্ৰমনত নিহত হোৱা লোক দুজন ক্ৰমে ঝাৰবাৰী সুদেমপুৰী গাঁৱৰ ৰানা বসুমতাৰী (৬০) আৰু উল্টাপানী লাবন্যপুৰৰ টিকাৰাম ৰাই (৩৫) বুলি জানিব পৰা গৈছে ।

পাটগাঁৱ উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গিয়াচুদ্দিন আহমেদে সদৰি কৰা মতে ঝাৰবাৰী সুদেমপুৰী গাঁৱৰ ৰানা বসুমতাৰী নামৰ লোকজন বনাঞ্চলত খৰি লুৰিবলৈ গৈ হাতীয়ে আক্ৰমণত মৃত্যু হয় । মৃতকৰ মৰণোত্তোৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ পঠোৱা হৈছে ।

আনহাতে বিশমুৰী উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিজানুৰ ৰহমানে সদৰি কৰা মতে ভাৰত ভূটান সীমান্তৰ উল্টাপানী লাৱণ্যপুৰৰ টিকাৰাম ৰাই (৩৫) তেওঁৰ ভতিজাকৰ সতে কোকৰাঝাৰ সদৰ চহৰৰ পৰা স্কুটীৰে(নং এএচ ১৬ জে ৬১৪৮) নিজ গৃহলৈ আহি থাকোতেই হাতীয়ে আক্ৰমণ কৰে । তেওঁলোকক হাতীয়ে ৬ নং ৰাইটৰ পথত আক্ৰমণ কৰে । যাৰ ফলত টিকাৰাম ৰাই নিহত হোৱাৰ লগতে তেওঁৰ ভতিজা সামান্য পৰিমানে আহত হয় আৰু স্কুটীখনো চুৰ্ণাকৃত কৰে হাতীয়ে । মৃতকৰ মৰণোত্তোৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ সদৰলৈ প্ৰেৰণ কৰা হৈছে বুলি সদৰি কৰে বিশমুৰী উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিজানুৰ ৰহমানে ।

উল্লেখ্য যে এসময়ত অটব্য অৰণ্যৰে ভৰপুৰ উল্টাপানী আৰু ঝাৰবাৰীৰ বনাঞ্চল ধ্বংস কৰাৰ পৰিণতিতে হাতীৰ খাদ্য -বাসস্থানৰ অভাৱ হৈছে । অৰণ্যৰ পৰা জনঅৰণ্যলৈ ৰূপান্তৰ হোৱা বনাঞ্চলত খাদ্যভাৱৰ বাবেই হাতীতে সততে মুকলি স্থানলৈ ওলাই আহিবলৈ লৈছে । হাতী- মানুহৰ সংঘাতে বিষম ৰূপ ধাৰণ কৰিছে আৰু প্ৰায় প্ৰতিদিনে ৰাজ্যত হাতী - মানুহৰ সংঘাতৰ ফলত মানুহৰ প্ৰাণহানি হোৱাটো চৰ্চিত বিষয় ৰূপে বিবেচিত হৈছে ।