অসম

Attention মন্ত্ৰী নন্দিতা গাৰ্লোছা ! নাৰায়ণপুৰত ঘাটকৰ ৰূপ লৈছে আপোনাৰ শক্তি বিভাগে…

asomiyapratidin

ডিজিটেল সংবাদ নাৰায়ণপুৰ: নাৰায়ণপুৰত সংঘটিত হৈছে কৰুণ ঘটনা। ঘাটকৰ ৰূপত অৱতীৰ্ণ হৈছে বিয়াগোম শক্তি বিভাগ। শক্তি বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলত দৈনিক মৃত্যুমুখত পৰিছে ১৫-২০ টাকৈ বিভিন্ন প্ৰজাতিৰ বনৰীয়া পক্ষী। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্ত্তী শান্তিপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

অঞ্চলটোৰ পথাৰৰ মাজেৰে পাৰ হৈ যোৱা বৈদ্যুতিক তাঁৰত লাগি দৈনিক মৃত্যুমুখত পৰিছে শালিকা,কপৌ, বগলি, কণামুছৰি,মাছৰোকাকে বিভিন্ন প্ৰজাতিৰ বনৰীয়া পক্ষী। আজি কিছুদিন ধৰি এনেদৰে অস্বাভাৱিক হাৰত বিভিন্ন প্ৰজাতিৰ পক্ষী বোৰ মৃত্যুমুখত পৰাৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে অঞ্চলটোৰ লোকসকলক।

বিগত সময়চোৱাত স্থানীয় ৰাইজে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনৰ বিহপুৰীয়া বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত ঘটনা সন্দৰ্ভত বহুবাৰ অবগত কৰিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে।

উল্লেখ্য যে, যি সময়ত পশু-পক্ষীৰ সংৰক্ষণৰ বাবে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছে; পশু-পক্ষীৰ নিধন কাৰ্যৰ লগত জড়িত দুস্কৃতিকাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক সেই সময়তে চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবেই শ শ পক্ষী মৃত্যুমুখত পৰা কাৰ্য্যই বিভাগটোৰ চূড়ান্ত দায়িত্বহীনতাকে প্ৰতিপন্ন কৰিছে।

এতিয়া প্ৰশ্ন হয় ঘাটকৰ ৰূপত অৱতীৰ্ণ হোৱা এই সকল বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ বিয়াগোম শক্তি বিভাগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবনে ?