চৰাইদেউত আবকাৰীৰ অভিযানত চুলাই ভাতী ধ্বংস…

চৰাইদেউত আবকাৰীৰ অভিযানত চুলাই ভাতী ধ্বংস…

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰেও এক অভিযান চলায়। জিলাখনৰ সাপেখাতী আবকাৰী চক্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আবকাৰী অভিযানকাৰী দলে বৰহাট অঞ্চলৰ ডাঙৰীকুমাৰ, বৰপাত্ৰ চাহ বাগিচা, নগাশিলনি আদি অঞ্চলত বৰহাট আৰক্ষীৰ সহযোগত এই অভিযান চলায়।

অভিযানকালত দলটোৱে কেইবাটাও স্থানত অসাধু চুলাই মদৰ ব্যৱসায়ীয়ে পাতি লোৱা চুলাইৰ ভাতী উচ্ছেদ কৰাৰ লগতে প্ৰায় ৩২০ লিটাৰ চুলাই মদ তৈয়াৰৰ বাবে ৰখা পাছ, ৪ টা সুৰা তৈয়াৰত ব্যৱহৃত যন্ত্ৰ জব্দ কৰাৰ লগতে ২০ লিটাৰ চুলাই মদ জব্দ কৰি নষ্ট কৰি পেলায়।

অভিযানকাৰী দল যোৱাৰ উমান পাই অবৈধ সুৰাৰ ব্যৱসায়ীসকল পলাই সাৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত পলাই যোৱা অবৈধ সুৰাৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে মুঠ ৫টা গোচৰ ৰুজু কৰা হয় বুলি চৰাইদেউ জিলাৰ আবকাৰী সূত্ৰই জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in