অসম

প্ৰথম স্বামীৰ সৈতে মিলি দ্বিতীয় স্বামীক পৰিকল্পিত হত্যা মহিলাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, মানকাচৰঃ স্বামীক পৰিকল্পিত ভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী পত্নীৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে ১৭ মাৰ্চৰ নিশা মানকাচৰৰ মালিপাৰাত।

প্ৰাপ্ত বাতৰি মতে পূৰ্ব পৰিকল্পনা মতে তছলিমা খাতুন নামৰ মহিলা গৰাকীয়ে তেওঁৰ দ্বিতীয় স্বামী কপিল শেখৰ সৈতে ১৬ মাৰ্চৰ বিয়লি মালিপাৰা গাঁৱৰ কৰফুল বেওঁৱা নামৰ মাহীয়েকৰ ঘৰত ফুৰিবলৈ যায়। নিশাৰ ভাগত ঘৰখনত ৰহস্যজনক ভাৱে তছলিমানৰ প্ৰথম স্বামী আমিৰুল ইছলাম সহ আত্মীয় দুলালী খাতুন আৰু আখিৰুল ইছলাম উপস্থিত হয় ।

তছলিমাৰ প্ৰথম স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হ'লেও পুনৰ দুয়োৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱাত দুয়ো পুনৰ বিবাহ পাশত আৱদ্ধ হ'ব বিচাৰিছিল। ঘটনাক লৈ তছলিমাৰ পূ্ৰ্বৰ স্বামী আৰু বৰ্তমানৰ স্বামীৰ মাজত সংঘাত আৰম্ভ হৈছিল সেইদিনা।

নিশা প্ৰায় ১ বজাত ঘৰখনত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। ইয়াৰ মাজতেই তছলিমাৰ প্ৰথম স্বামী আমিৰুলে কপিল শেখক পিছফালৰ পৰা কাঠৰ টুকৰাৰে মূৰত আঘাত কৰি হত্যা কৰে। হত্যাৰ পাচত ঘটনাস্থলীত উপস্থিত থকা পত্নী সহ পাঁচ অভিযুক্তই কপিল শেখক ৰচীৰে ফাচী লগাই ঘৰখনত তলা লগাই পলায়ন কৰে।

পুৱা মাহীয়েকে গাওঁবাসীক তেঁওৰ ঘৰত ভাগিনীৰ স্বামী কপিলে আত্মহত্যা কৰা বুলি খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় কালাপানী আৰক্ষী।

আৰক্ষীয়ে সোধ-পোছ কৰি মৃতদেহ উদ্ধাৰৰ পাছত ধুবুৰীত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। কপিলক হত্যা কৰা বুলি মৰনোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিছে।

এই ঘটনাৰ পাচতেই আৰক্ষীয়ে কপিলৰ পত্নী তছলিমা খাতুন, প্ৰথম স্বামী আমিৰুল ইছলামৰ লগতে ঘৰৰ গৰাকী তথা তছলিমাৰ মাহীয়েক কৰফুল বেওঁৱাৰ সহ আন দুজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা আন হত্যাকাৰী দুটাক আখিৰুল ইছলাম আৰু দুলালী বেওঁৱা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে । এই পাঁচ গৰাকী হত্যাকাৰীয়ে হত্যাকাণ্ড সংঘটিত কৰি আত্মহত্যাৰ ৰূপ দিছিল বুলি ইতিমধ্যে আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিয়া বুলি জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক ফাৰুক আহমেদে জানিবলৈ দিছে।

লক্ষণীয় যে তছলিমা খাতুন প্ৰথম স্বামী আমিৰুলৰ সৈতে বিবাহ বিচ্ছেদ কৰি কপিল শেখৰ সৈতে দ্বিতীয় বিবাহ হৈছিল। কিন্তু পৰৱৰ্তী সময়ত পুনৰ প্ৰথম স্বামীৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পোৱাত দ্বিতীয় স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি কিছুদিনৰ পৰা দুয়োৰ মাজত ঘৰুৱা কাজিয়া হৈ থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।