মিছা প্ৰলোভন দি কিশোৰীক বহিঃৰাজ্যলৈ নিয়াৰ চেষ্টা কৰোতেই আটক যুৱক...

মিছা প্ৰলোভন দি কিশোৰীক বহিঃৰাজ্যলৈ নিয়াৰ চেষ্টা কৰোতেই আটক যুৱক...

লামডিঙত সংঘটিত হৈছে এক ভয়ংকৰ অপহৰণ কাণ্ডৰ ঘটনা। বহি :ৰাজ্যত উদ্ধাৰ লামডিঙৰ অপহৃত কিশোৰী।
Published on

ডিজিটেল সংবাদ, লামডিংঃ লামডিঙত সংঘটিত হৈছে এক ভয়ংকৰ অপহৰণ কাণ্ডৰ ঘটনা। বহি :ৰাজ্যত উদ্ধাৰ লামডিঙৰ অপহৃত কিশোৰী।

এইবাৰ বিহাৰৰ আৰা ৰেল ষ্টেচনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে লামডিঙৰ এগৰাকী কিশোৰীক। পূৰ্ব লামডিং নতুন বস্তিত সংঘটিত হৈছে এই ঘটনা।

সঞ্জয় দাস নামৰ এজন যুৱকে ভয়-ভাবুকি প্ৰদান কৰি কিশোৰী গৰাকীক অপহৰণ কৰি মুম্বাইলৈ লৈ যোৱাৰ অপচেষ্টা চলাইছিল ৷ লামডিং পৰা মুম্বাইলৈ লোকমান্য এস্কপ্ৰেছ ৰেলখনৰ জড়িয়তে লৈ যোৱা অৱস্থাত লামডিং আৰক্ষী তৎপৰতাত উদ্ধাৰ হয় কিশোৰীগৰাকী ।

বিহাৰৰ আৰা ৰেল ষ্টেচনৰ পৰা লামডিং আৰক্ষীয়ে বিহাৰৰ ৰেল আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে। কিশোৰী গৰাকীক বলপূৰ্বক ভাৱে অপহৰণ কৰি লৈ যোৱা অভিযুক্ত সঞ্জয় দাসক বিহাৰৰ পৰা আটক কৰে লামডিং আৰক্ষীয়ে ৷

পূৰ্বেও বহি :ৰাজ্যলৈ লামডিংৰ যুৱতীক মিছা প্ৰলোভন দি সৰবৰাহ কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন হৈছে সঞ্জয় দাসৰ বিৰুদ্ধে ৷ এই ঘটনাৰ সংক্ৰান্ত লামডিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে

মিছা প্ৰলোভন দি কিশোৰীক বহিঃৰাজ্যলৈ নিয়াৰ চেষ্টা কৰোতেই আটক যুৱক...
অমানৱীয়! বৰষুণৰ মাজতে ৰাজপথত পেলাই থৈ গ'ল ১০ দিনীয়া নৱজাতকক...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in