dangor khabar
dangor khabar  
অসম

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী প্ৰধান সম্পাদক হ'ব কোন?

Asomiya Pratidin

ডিজিটেল ডেস্ক: কোন হ'ব শংকৰদেৱ সংঘৰ পৰৱৰ্তী প্ৰধান সম্পাদক? জোনাইত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আৰম্ভ হোৱাৰ সমান্তৰালভাৱে ইয়াক লৈও চলিছে গুণা-গথা। এক খবৰ অনুসৰি বাবুল বৰাৰ পাছত এই দায়িত্ব ল'বলৈ সাজু হৈছে কুশল ঠাকুৰীয়া।

আন এক শিবিৰে আকৌ যোৰহাট জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাপতি মুকুল গগৈক প্ৰধান সম্পাদক পাতিবলৈ উঠি পৰি লাগিছে। উল্লেখ্য যে, সংঘ কেন্দ্ৰিক এক বিবাদত জামিন লৈ আছে গগৈ।

দেওবাৰে অনুষ্ঠিত হ'বলগীয়া প্ৰতিনিধি সভাতেই নিৰূপন হ'ব কোন হ'ব এই পদৰ অধিকাৰী। নৱ নিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ আশীৰ্বাদ আছে কুশল ঠাকুৰীয়াৰ ওপৰত। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত-বৈষ্ণৱ সকল গৈ উপস্থিত হৈছেগৈ চিমেন চাপৰি অধিৱেশনস্থলীত।

বতৰে বিধি পথালি দিয়াৰ পাছত পূৰ্ণদ্যোমে সাজু কৰি তোলা হৈছে চিমেন চাপৰিৰ চেৰেনপথাৰ পৰমানন্দ আতাক্ষেত্ৰ।

আৰু পঢ়ক: ঘৰে ঘৰে গৰু-ছাগলী,ম'হ পুহিবলৈ এৰিলে, কৃষি এৰি অসমীয়া ডেকাই কিহত ধৰিছে...