বানপানীৰ মাজতে আন এক বেয়া খবৰঃ ৯ অক্টোবৰলৈ অব্যাহত থাকিব বৰষুণ...
বানপানীৰ মাজতে আন এক বেয়া খবৰঃ ৯ অক্টোবৰলৈ অব্যাহত থাকিব বৰষুণ... 
অসম

বানপানীৰ মাজতে আন এক বেয়া খবৰঃ ৯ অক্টোবৰলৈ অব্যাহত থাকিব বৰষুণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিশা অহা মুষলধাৰ বৰষুণৰ ফলত সমগ্ৰ গুৱাহাটী এতিয়া পানীৰ তলত। ঠায়ে ঠায়ে এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাবলগীয়া অৱস্থাৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ প্ৰশাসনে মুকলি কৰিছে হেল্প লাইন নম্বৰ।

এনে এক পৰিস্থিতিৰ মাজতে গুৱাহাটীবাসীৰ লগতে সমগ্ৰ ৰাজ্যলৈ আছে আন এটা বেয়া খবৰ। আগন্তুক ৩ দিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত প্ৰকাশ কৰিছে আগন্তুক ৯ অক্টোবৰলৈ বতৰৰ আগজাননী।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা আগজাননী অনুসৰি ৯ অক্টোবৰলৈ ৰাজ্যত প্ৰৱল বৰষুণ, ধুমুবাৰ লগতে ব্ৰজপাত হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে কেইবাখনো জিলাত আজিৰ দিনটোত বৰষুণ অব্যাহত থাকিব।

বতৰ বিজ্ঞান কেন্দ্ৰই নামনি অসমৰ কোকৰাঝাৰ, চিৰাং, বঙাইগাওঁ, ধুবুৰী, দক্ষিণ শালমাৰা মানকাছৰ জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। এই জিলাকেইখনত নেৰানেপেৰা বৰষুণৰ লগতে ব্ৰজপাতৰ আশংকা কৰা হৈছে।

সেইদৰে গোৱালপাৰা, বৰপেটা বাক্সাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, দৰং, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাচাও, কৰিমগঞ্জ, লখিমপুৰ, ডিব্ৰুগড় জিলাৰ বাবে য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে।

কৃত্ৰিম বানৰ কৱলত পৰা গুৱাহাটীত আজিৰ দিনটোত ৯১ শতাংশ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ উপৰিও শিলচৰ, গোৱালপাৰা, গোলাঘাট, যোৰহাটস উত্তৰ লখিমপুৰৰ দৰে মুখ্য চহৰসমূহত বৰষুণৰ সম্ভাৱনা ৯০ শতাংশৰো অধিক।