- প্ৰতিকূল বতৰৰ মাজতে বজালী জিলাত প্ৰবেশ আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ নেতৃত্বত অহা 'জাতীয় সংহতি মটৰচাইকেল ৰেলী'।
- দেওবাৰে ধুবুৰীৰ পৰা আৰম্ভ হৈছিল এই ৰেলী।
- বজালী জিলাৰ সীমান্ত কুজাৰপিঠত আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে জনালে আদৰণি।
- অসম আৰক্ষীৰ (ক্ৰীড়া) সহকাৰী আৰক্ষী মহাপৰিদৰ্শক আনন্দ মিশ্ৰৰ নেতৃত্বত এই ৰেলী।
- ৰেলীত অংশলোৱা আৰক্ষী বিষয়া, জোৱানক বজালী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ফুলাম গামোছাৰে উষ্ম আদৰণি।
- অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা আৰক্ষী পতাকা লাভ কৰাটোক অসম আৰক্ষীৰ বাবে এটা বৃহৎ সফলতা বুলি উল্লেখ কৰে আৰক্ষী বিষয়া আনন্দ মিশ্ৰই।
- আৰক্ষী আৰু ৰাইজ মাজত থকা ব্যৱধান দূৰ কৰাৰ বাবে এই ৰেলী বুলি উল্লেখ।