অসম

বিশিষ্ট লেখক বিজয় কুমাৰ দেৱানৰ পৰলোক প্ৰাপ্তি...

Asomiya Pratidin

ডিজিটেল ডেস্ক: গুৱাহাটীৰ বাসিন্দা তথা প্ৰখ্যাত লেখক বিজয় কুমাৰ দেৱানৰ স্বাস্থ্যজনিত কাৰণত ১৮ জানুৱাৰীত মৃত্যু হয়। ৭৮ বছৰীয়া দেৱান ১০০ ৰো অধিক আইন বিষয়ক কিতাপৰ ৰচনা কৰি থৈ গৈছে।

তেওঁ সামাজিকভাৱে সক্ৰিয় আছিল লগতে বহুতো সংগঠনৰ লগতো জড়িত হৈ আছিল। অল ইণ্ডিয়া চিনে ৰাইটাৰ্ছ এছ'চিয়েচন, পাঞ্জাৱী সভা, সমবায় বেংক, বাৰ কাউন্সিল, লায়ন্স ক্লাব ইণ্টাৰনেচনেল আৰু আন কেইবাটাও সংগঠনৰ লগত কাম কৰিছিল তেওঁ।

পেছাত এজন উকীল আছিল দেৱান। তেওঁ ১৯৬৮-১৯৭২ চনলৈ আইনৰ অনুশীলন কৰিছিল। তেওঁৰ প্ৰথমে ১৯৭৩ চনত ভাড়া নিয়ন্ত্ৰণ আইনৰ ওপৰত কাম কৰিছিল আৰু ১৯৭৫ চনত অৰিয়েণ্ট ল হাউচৰ দ্বাৰা এয়া প্ৰকাশ পাইছিল। ইয়াৰোপৰি আৰু কেইবাখনো কিতাপ তেওঁ লিখিছিল।

বিজয় কুমাৰ দেৱানে ৰচনা কৰা অন্তিম খন কিতাপ আছিল "স্বামীৰ বিৰুদ্ধে নিষ্ঠুৰতা আৰু অপৰাধ(Cruelty & Offences Against Husband.)।"

তেওঁৰ আকস্মিক মৃত্যুৱে পৰিয়াল তথা গুণমুগ্ধক কন্দুৱাই গৈছে। মৃত্যুৰ সময়ত তেওঁ তেওঁৰ পুত্ৰ আৰু দুগৰাকী কন্যাক এৰি থৈ যায়।

আৰু পঢ়ক: গুজৰাট হিংসাৰ ওপৰত বিবিচিয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰ কেৱল 'প্ৰচাৰৰ অংশ': চৰকাৰ