অসম

গহপুৰৰ ব্ৰহ্মাজান চাহ বাগিচাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ সজাগতা সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ: দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তনৰ দাবীত জনসংখ্যা সমাধান ফাউণ্ডেছনে(জে এছ এফ) জন জাগৰণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। অসমৰ প্ৰান্তে প্ৰান্তে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰত বিভিন্ন সজাগতা মূলক সভা, গন স্বাক্ষৰ কাৰ্যসূচী, সজাগতা মূলক সমদল আদিকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে সংস্থাটোয়ে।

গহপুৰ বিধান সভা সমষ্টিৰ বিভিন্ন চাহ বাগিচা আৰু ভিতৰুৱা অঞ্চল সমূহত জনসংখ্যা সমাধান ফাউণ্ডেছনৰ গহপুৰ বিধান সভা সমষ্টি সমিতিৰ অধ্যক্ষা জুলি হাজৰিকাৰ নেতৃত্বত আৰু বিষয়ববীয়া সকলৰ সহযোগত জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তনৰ সপক্ষে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। ইয়াৰে অংশ স্বৰূপে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ (জেএছএফ) গহপুৰ সমষ্টি কমিটিৰ উদ্যোগত শুকুৰবাৰে গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মাজান চাহ বাগিচাত জেএছএফৰ সজাগতা সভা অনুষ্ঠিত কৰা হয়।

দেশত দেখা দিয়া জনবিস্ফোৰন ও বৰ্দ্ধিত জনসংখ্যাত তীব্ৰ গতিত বৃদ্ধি পোৱা ধৰ্মীয় অসন্তোলনতাই সৃষ্টি কৰা সমস্যা সমূহৰ সমাধানৰ বাবে দেশত কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ জৰুৰী ৰূপায়ণৰ দাবীত চাহ বাগিচাৰ ৰাইজৰ মাজত সচেতনতা চলোৱাৰ উদ্যেশ্যে সভাৰ অনুষ্ঠিত কৰা হয়। লগতে দেশৰ প্রধানমন্ত্রীক এনে এখন আইনৰ জৰুৰী প্ৰণয়ন আৰু ৰূপায়ণৰ দাবীত অহা ২৯ এপ্ৰিলত নতুন দিল্লীত দিবলগীয়া স্মাৰকপত্ৰ আৰু ইয়াৰ বাবে চাহ বাগিচাৰ ৰাইজৰ পৰা গণ স্বাক্ষৰ সংগ্রহ কৰাৰ বাবেও এই সভাৰ আয়োজন কৰা হয়।

বিশ্বনাথ জিলা জেএছএফৰ অধ্যক্ষ অমৰজ্যোতি বৰঠাকুৰ, গহপুৰ জেএছএফৰ অধ্যক্ষা জুলি হাজৰিকা, মহাসচিৱ মন্দিৰা শইকীয়া,ব্ৰহ্মাজান চাহ বাগিচাৰ জ্যেষ্ঠ নাগৰিক বশিষ্ঠ তাঁতী, উড়ীয়া যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পঙ্কজ মহানন্দ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ পূৱ বুৰৈ শাখাৰ সম্পাদক তথা শিক্ষক জীতেন মহানন্দ আদি উপস্থিত থাকে।

চাহ বাগিচাৰ বিভিন্ন সংগঠনৰ পৰা অহা শতাধিক প্ৰতিনিধিয়ে জেএছএফৰ এই পদক্ষেপৰ প্ৰতি সমৰ্থন জনোৱাৰ লগতে উক্ত আইন প্ৰবৰ্তনৰ দাবীত গণস্বাক্ষৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।