অসম

উৰিয়ামঘাটত গুণোৎসৱ সন্দৰ্ভত প্ৰশিক্ষণ সম্পন্ন

asomiyapratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট দক্ষিণ শিক্ষা খণ্ডৰ অধীনস্থ ৰেংমা সীমান্ত ক্লাষ্টাৰ আৰু চিলনীজান ক্লাষ্টাৰৰ অন্তৰ্গত বিদ্যালয় সমূহৰ শিক্ষকসকলৰ মাজত শুকুৰবাৰে ৰেংমা সীমান্ত হাইস্কুল প্ৰাংগণত ২০২২ বৰ্ষৰ গুণোৎসৱ সন্দভৰ্ত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷

এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষণ দিয়ে হালধিবাৰী , ৰেংমা সীমান্ত আৰু চিলনীজান ক্লাষ্টাৰৰ চি আৰ চি ক্ৰমে বীৰেন গগৈ, সৌৰভ শইকীয়া আৰু বিমান উৰাঙে ৷ এই প্ৰশিক্ষণ কাৰ্যসূচীত অৰ্ধশতাধিক শিক্ষক শিক্ষয়িত্ৰী তথা নডেল শিক্ষকে অংশ গ্ৰহণ কৰে

৷উল্লেখযোগ্য যে আজিৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত ধনশিৰি মহকুমাৰ নৱনিযুক্ত মহকুমাধিপতি নাং দিনচেংফা বৰুৱা উপস্থিত থাকি শিক্ষা উত্তৰণৰ দিশত শিক্ষক শিক্ষয়িত্ৰী ভূমিকা সন্দৰ্ভত বক্তব্য ৰাখে ৷ আগন্তুক গুণোৎসৱ নিয়াৰিকৈ সমাপন কৰিবৰ বাবে শিক্ষক শিক্ষয়িত্ৰী সকলৰ প্ৰতি মহকুমাধিপতি গৰাকীয়ে আহ্বান জনায় ৷