uriamghat
uriamghat 
অসম

নেট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ উৰিয়ামঘাটৰ সান্তনা বৰাক সম্বৰ্ধনা...

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত উৰিয়ামঘাটৰ ২নং লক্ষীপুৰ গাঁৱৰ সদাৰাম বৰা আৰু পূৰৱী বৰাৰ কন্যা সান্ত্বনা বৰাই বিশ্ববিদ্যালয় অনুদান আয়োগ(UGC)-য়ে অনুষ্ঠিত কৰা অসমীয়া বিষয়ৰ নেট (NET) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ জে.আৰ.এফ (JRF) লাভ কৰিবলৈ সক্ষম হৈছে।

তদুপলক্ষে উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকসহ এটি প্ৰতিনিধি দলে সান্ত্বনাৰ বাসগৃহত উপস্থিত হৈ এখনি চেলেং, ফুলৰ থোপা আৰু এখনি সম্বৰ্ধনা পত্ৰৰে অভিনন্দন তথা সম্বৰ্ধনা জনায়।

এনেদৰে বাসগৃহত আহি সম্বৰ্ধনা জনোৱাৰ বাবে সান্তনা বৰা আৰু পৰিয়ালবৰ্গই চুতীয়া ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰে।