অসম

ৰৌংগুৰ বড়োক ইউপিপিএলৰ যুৱ শাখাৰ মুখপাত্ৰ হিচাপে নিযুক্তি

Asomiya Pratidin

ডিজিটেল সংবাদ,কোকৰাঝাৰ: বড়ো নেশ্যনেল ষ্টুডেন্ট ইউনিয়ন চমুকৈ বনছুৰ পৰা ফালৰি কাটি আহি শেহতীয়াকৈ ইউপিপিএলত দলত যোগদান কৰা ৰৌংগুৰ বড়োক ইউপিপিএলৰ যুৱ শাখাৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়ে ৷ আনুষ্ঠানিকভাৱে মঙলবাৰে দলীয় দায়িত্ব অৰ্পণ কৰে ইউপিপিএলৰ যুৱ নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ড° নিলুৎ স্বৰ্গীয়াৰীয়ে ৷

ইউপিপিএলৰ যুৱ গোটৰ মুখপাত্ৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি বিৰোধী দল হাগ্ৰামা মহিলাৰী, বিপিএফ দল আৰু বড়ো নেশ্যনেল ষ্টুডেন্ট ইউনিয়ন চমুকৈ বনছুৰ বিৰুদ্ধে সৰব হৈ পৰে ৰৌংগুৰ বড়ো ৷ হাগ্ৰামা মহিলাৰী আৰু বনছুক কঠোৰ ভাষাৰে সমালোচনা কৰে তেওঁ ৷

হাগ্ৰামা মহিলাৰীয়ে ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে বনছু’ক ব্যৱহাৰ কৰাৰ অভিযোগ ৰৌংগুৰ বড়োৰ ৷ বনছুক কটাক্ষ কৰি কয় যে বনছু হৈছে পুুৰণা বটলৰ পুৰনা মদ ৷

বড়ো জাতীয় আৱেগলৈ বনছু গঠন হোৱা নাই ৷ বনছু গঠনৰ উদ্দেশ্যে হ’ল ৰাজনৈতিক লাভালাভ ৷ তেওঁলোকৰ মুখ্যত কাম হ’ল বড়ো জাতিক লৈ বিভাজনৰ ৰাজনীতি কৰা ৷

বনছুৰ পৃথক বড়োলেণ্ড আন্দোলনকো নিৰ্বাচনী প্ৰচাৰ আখ্যা দিলে ৰৌংগুৰ বড়োই ৷

বনছু’ক নেতৃত্ব দিয়া বঞ্জিত মঞ্জিল বসুমতাৰীয়ে কোন পক্ষৰ পৰা আহিছে বহলাই কোৱাৰ প্ৰয়োজন নাই বুলি সমালোচনা কৰে ৷

ইউপিপিএল দলত যোগদান কৰা সন্দৰ্ভতো ৰৌংগুৰ বড়োৰ স্পষ্টীকৰণ ৷ প্ৰমোদ বড়োৰ প্ৰশংসা কৰি কয় যে তেওঁৰ বলিষ্ট নেতৃত্বত বিটিআৰত শান্তি আৰু উন্নয়ন প্ৰতিষ্ঠা হৈছে৷

সকলো দিশ চালিজাৰি চাই আৰু ইউপিপিএলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁ ইউপিপিএল দলত যোগ দিয়া বুলি মন্তব্য কৰে ৰৌংগুৰ বড়োই ৷ সংবাদমেলত ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীও উপস্থিত আছিল ৷

আৰু পঢ়ক: ছিপাঝাৰৰ লাওজানত কেঞ্চাৰ ৰোগৰ সজাগতা সভা...