uppl
uppl 
অসম

ইউপিপিএলৰ কেন্দ্ৰীয় অধিৱেশনৰ অন্তিম দিনা উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰত ইউপিপিএল দলৰ কেন্দ্ৰীয় অধিৱেশনৰ অন্তিম দিন উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা হয় এই বিশাল সাংস্কৃতিক শোভাযাত্ৰা।

বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰে উলিওৱা এই শোভাযাত্ৰাই সমগ্ৰ কোকৰাঝাৰ চহৰৰ ভ্ৰমণ কৰে আৰু চান্দামাৰীস্থিত বড়োফা সাংস্কৃতিক প্ৰকল্পত সামৰণি পৰে শোভাযাত্ৰাৰ। শান্তি আৰু প্ৰগতি বাৰ্তাৰে উলিওৱা এই শোভাযাত্ৰাৰ দলীয় পতাকা জোঁকাৰি শুভাৰম্ভ কৰে ইউপিপিএল দলৰ উপ সভাপতি জিৰন বসুমতাৰীয়ে।

দলীয় প্ৰতীক "টেক্টৰ" লৈ উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত অংশলৈ ইউপিপিএল দলৰ পুনৰ সভাপতি পদত অধিষ্ঠিত হোৱা বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে কয় "সংস্কৃতিয়ে হ’ল এটা জাতিৰ আয়ুস ৰেখা" ৷ সেয়ে সংস্কৃতি আৰু ভাষাক জীয়াই ৰাখিবলৈ বড়োলেণ্ড অঞ্চলত ইউপিপিএল, বিজেপি আৰু জিএচপিৰ চৰকাৰে চেষ্টা চলাই যাব ৷"

এই শোভাযাত্ৰাত অংশ লয় ইউপিপিএল দলৰ নৱ নিৰ্বাচিত সভাপতি প্ৰমোদ বড়ো আৰু সাধাৰণ সম্পাদক (প্ৰশাসনিক) ৰাজু নাৰ্জাৰী, ৰাজ্যসভাৰ সাংসদ ৰনগৌড়া নাৰ্জাৰী, বিধায়ক ক্ৰমে লৰেঞ্চ ইছলাৰী, জয়ন্ত বসুমতাৰী, জলেন দৈমাৰী আৰু বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ বসুমতাৰী, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই।

উল্লেখ্য যে, ইউপিপিএলৰ কেন্দ্ৰীয় অধিৱেশনৰ সামৰণি উপলক্ষে এখন মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে সাংসদ, বিধায়ক, বিটিআৰৰ ই এম আৰু পাৰিষদ সকল উপস্থিত থাকিব।