চৰ্চাত দুই সহোদৰঃ এজনে যোগদান কৰিলে ৰাজনীতিত, আনজনে কৰি আছে শসস্ত্ৰ বিদ্ৰোহ...
চৰ্চাত দুই সহোদৰঃ এজনে যোগদান কৰিলে ৰাজনীতিত, আনজনে কৰি আছে শসস্ত্ৰ বিদ্ৰোহ... 
অসম

চৰ্চাত দুই সহোদৰঃ এজনে যোগদান কৰিলে ৰাজনীতিত, আনজনে কৰি আছে শসস্ত্ৰ বিদ্ৰোহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চৰ্চাত দুজন ব্যক্তি। সম্পৰ্কত দুয়ো সহোদৰ। এজন এটা নিষিদ্ধ ঘোষিত শসস্ত্ৰ সংগঠনৰ সৰ্বাধিনায়ক। দেশৰ সাংবিধানিক ব্যৱস্থাৰ বিৰুদ্ধে তেওঁৰ বিদ্ৰোহ। তেওঁ বিচাৰে সাৰ্বভৌমত্ব।

ইয়াৰ বিপৰীতে আনজনে আকৌ দেশৰ সংবিধানৰ প্ৰতি সন্মান জনাই গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আগ্ৰহী। এনে আগ্ৰহেৰেই তেওঁ যোগদান কৰিলে প্ৰত্যক্ষ ৰাজনীতিত।

সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱা। তেওঁৰ জ্যেষ্ঠ ভাতৃৰ নাম বিমল বৰুৱা। প্ৰায়ে পৰেশ বৰুৱাৰ প্ৰসংগতে চৰ্চালৈ আহে এইগৰাকী লোক। সংবাদ মাধ্যমত প্ৰকাশ পাই তেওঁৰ বক্তব্য।

আলফা, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিপাক্ষিক আলোচনাৰ সময়তো তেওঁ কৰিছিল কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। ভাতৃ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ তেওঁ নিজেও জনাইছিল আহ্বান।

পৰেশ বৰুৱাৰ বাবেই চৰ্চাত থকা বা পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ হিচাপে পৰিচিত বিমল বৰুৱাই লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁ যোগদান কৰিলে অসম গণ পৰিষদত। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপিৰ কান্ধত ধৰি ক্ষমতাৰ অংশ হৈ কোনো মতে উশাহ লৈ থকা আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদত বিমল বৰুৱাই যোগদান কৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

মঙলবাৰে চাবুৱা-লাহোৱাল সমষ্টিৰ অগপ কাৰ্যালয়ত দলটোৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে বিমল বৰুৱাই ৷

এই যোগদান কাৰ্যসূচীত বিমল বৰুৱাৰ সৈতে ২০০ৰো অধিক লোকে যোগদান কৰে দলটোত। অগপত যোগদান কৰাৰ পাছতে তেওঁ সাংবাদিকৰ আগত কয়, এটা সপ্তাহৰ চিন্তাৰৰ অন্তত তেওঁ অগপত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁৰ গাত আছে জাতীয়তাবাদৰ তেজ। তাকেই আজি তেওঁ প্ৰকাশ কৰিছে।

লগতে তেওঁ কয়, একালৰ বন্ধুৱে শেহতীয়াকৈ বিজেপিত যোগদান কৰাৰ চিপত চাবুৱাৰ অগপ বিধায়ক পোনাকণ বৰুৱাই তেওঁক অগপত যোগদান কৰিবলৈ আহ্বান জনাইছিল। তেওঁৰ লগতে প্ৰায় ২০০ পুৰণি সতীৰ্থই একেলগে অগপত যোগদান কৰাত তেওঁ আনন্দিত হৈ পৰিছে বুলিও কয়।

আনুষ্ঠানিকভাৱে ৰাজনীতিত প্ৰৱেশ কৰাৰ সময়ত তেওঁ আলফা সসম্যা সমাধানৰ ওপৰত গুৰুত্বপ্ৰদান কৰা দেখা গ'ল। তেওঁ ক'য় আলফা সমস্যাৰ স্থায়ী সমাধানাৰ বাবে বিজেপিৰ সৈতে আলোচনা কৰিব। ইয়াৰ বাবে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতেও আলোচনা কৰি বিষয়টো আগবঢ়াই নিব বুলি কয়। লক্ষ্যণীয় হ'ব অসম গণ পৰিষদত যোগদান কৰা বিমল বৰুৱাই কিদৰে আগন্তুক সময়ত তেওঁৰ কাৰ্যকলাপ আগবঢ়ায় নিব।