অসম

ৰক্তাক্ত আলফাৰ (স্বাঃ)ৰ শিবিৰঃ দুই কেডাৰক মৃত্যুদণ্ড...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আলফাৰ শিবিৰত অথন্তৰ। কেডাৰৰ তেজেৰে ৰাঙলী হৈছে আলফাৰ শিবিৰ। মৃত্যুদণ্ডৰ দৰে ভয়ানক শাস্তি বিহা হৈছে আলফা (স্বাঃ)ৰ সদস্যক। খবৰ অনুসৰি এগৰাকী মহিলাসহ মুঠ দুগৰাকী কেডাৰক শাস্তি বিহিছে পৰেশ বাহিনীয়ে। সংগঠন বিৰোধী কাৰ্যকলাপত জড়িত হৈ পৰা অপৰাধত এই শাস্তি আলফা (স্বাঃ)ৰ।

অভিযোগ অনুসৰি চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড বিহিছে পৰেশ বাহিনীয়ে। মৃত্যুদণ্ড বিহা এজনৰ নাম লাচিত হাজৰিকা ওৰফে চেলিম আলী বুলি জানিব পৰা গৈছে। আনহাতে বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়া নামৰ এগৰাকী মহিলা কেডাৰকো আলফা (স্বাঃ)য়ে মৃত্যুদণ্ড বিহিছে।

উল্লেখ্য যে, নয়নমণি চেতিয়া আছিল এগৰাকী সুদক্ষ খেলুৱৈ। তদুপৰি এগৰাকী মাতৃও আছিল নয়নমণি। ইপিনে মৃত্যুদণ্ড বিহা লাচিত হাজৰিকা ওৰফে চেলিম আলীৰ ঘৰ বিহপুৰীয়াত।