অসম

আৰক্ষী-আলফা(স্বা)ৰ মাজত সংঘৰ্ষ, নিহত উদয় অসম

Asomiya Pratidin

ডিজিটেল ডেস্ক: আজি পুৱতি নিশা মাৰ্ঘেৰিটাত আৰক্ষী আৰু আলফা(স্বাঃ)ৰ মাজত সংঘৰ্ষ সৃষ্টি হয়। লিডুৰ টিপক পাহাৰত ৭ জনীয়া আলফা(স্বা)ৰ দল এটিয়ে বাহৰ পাতি থকাৰ খবৰ পাইছিল আৰক্ষীয়। তাৰ ভিত্তিতেই চলিছিল অভিযান। এই অভিযানৰ পূ্ৰ্বে এটি টুইটো কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

আৰক্ষী আৰু আলফা(স্বা)ৰ সদস্যৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীৰ ফলত নিহত হয় আলফা(স্বা)ৰ সদস্য উদয় অসমৰ। লগতে আহত হোৱাৰ খবৰ আহি পৰিছে আন এজন সদস্য।

নিহত উদয় অসমৰ ঘৰ সোণাৰিত। তেওঁৰ মৃত্যুৰ খবৰৰ পাছতেই সোণাৰিৰ ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ২০১২ চনতেই আলফা(স্বা)ত যোগদান কৰিছিল উদয় অসমে। পুত্ৰ নিহত হোৱাৰ খবৰ লাভ কৰাৰ পাছতেই পৰিয়াল বৰ্গ শোকত ভাগি পৰিছে।

উল্লেখ্য যে, এতিয়া উক্ত স্থানত অব্যাহত আছে আৰক্ষীৰ অভিযান। আৰক্ষীয়ে কিছু সা-সামগ্ৰীৰ লগতে জব্দ কৰিছে এটা পিষ্টলো। বৰ্তমানলৈকে আন সদস্য সকলৰ কোনো সম্ভেদ পোৱা নাই আৰক্ষীয়ে।

আৰু পঢ়ক: সংখ্যালঘূক 'টোপিৱালা' আৰু 'ক্ৰছৱালা' আখ্যাঃ চিইএম ডেবোলাল গৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ