মথুৰাপুৰত অস্ত্ৰসহ আলফা স্বাধীনৰ দুৰ্ধষ কেডাৰ আটক...
মথুৰাপুৰত অস্ত্ৰসহ আলফা স্বাধীনৰ দুৰ্ধষ কেডাৰ আটক... 
অসম

মথুৰাপুৰত অস্ত্ৰসহ আলফা স্বাধীনৰ দুৰ্ধষ কেডাৰ আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ পৰা অস্ত্ৰসহ আলফা স্বাধীনৰ সদস্যক আটক। যোৱা নিশা সীমান্তৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিংফাঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক।

আটকাধীন আলফা সদস্যজন অজিত চাংমাই ওৰফে নিতুল অসম বুলি জানিব পৰা গৈছে। আলফা সদস্যজনক আটক কৰাৰ লগতে তেওঁৰ জিম্মাৰ পৰা এটা MQ 81 ৰাইফল, দুটা মেগজিন, ৬০টা সক্ৰিয় গুলী উদ্ধাৰ‌ কৰিছিল বুলি জানিব পৰা গৈছে ৷