অসম

হোলীৰ আনন্দৰ মাজতে নৈত গা ধুবলৈ গৈ অকাল মৃত্যক সাৱটিলে দুই ছাত্ৰই

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰীৰ কানা মাক্ৰা নৈত বুধবাৰে গা ধুবলৈ গৈ শোকাৱহ মৃত্যুক সাৱটিলে দুটি ১৪ বছৰীয়া কিশোৰ ছাত্ৰই। যি ঘটনাই সমগ্ৰ আমগুৰী এলেকাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

কালিৰ হোৱা উক্ত ঘটনাত কিশোৰ দুটিৰ অকাল মৃত্যুক আজিও সহজভাবে মানি ল'ব পৰা নাই স্থানীয় লোক তথা দল সংগঠনে । কাৰণ কানামাক্ৰা নৈত নীতি বহিঃৰ্ভূতভাৱে শিল বালিৰ খনন কাৰ্যৰ বাবেই কিশোৰ দুজনে অকাল মৃত্যুক সাৱতি ল'বলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ বি টি আৰ গোৰ্খা ছাত্ৰ সন্থা তথা অঞ্চলটোৰ ৰাইজে ।

সদৌ বি টি আৰ গোৰ্খা ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সভাপতিয়ে অভিযোগ কৰি কয় যে মহলদাৰসকলে কানামাক্ৰা নৈত এস্কেভেটৰ দি অবৈধভাৱে শিল বালিৰ খনন কাৰ্য চলোৱা বাবেই কানামাক্ৰা নৈৰ বুকুত ঠায়ে ঠায়ে গভীৰ পানীৰ জমা হৈছে । সেই গভীৰ পানীত কালি কিশোৰ দুজনে গা ধুবলৈ গৈ মৃত্যুক সাবতি লৈছে । সেয়ে বিটিচি প্ৰশাসনক অনতি পলমে অবৈধ নীতি বহিঃৰ্ভূতভাৱে বৃহৎ আকাৰৰ এস্কেভেটৰ দি নৈৰ বুকুত শিল বালিৰ খনন চলোৱা মহল সমূহ বন্ধ কৰিবলৈ স্থানীয় লোকে আহ্বান জনায় ।

উল্লেখ্য যে বুধবাৰে হোলী খেলি কিশোৰ দুজনে কানামাক্ৰা নৈত গা ধুৱলৈ গৈছিল জগন্নাথ (১৪) উপাধ্যায় আৰু তেওঁৰ বন্ধু জুগল শৰ্মা (১৪) । তাৰ পাছতে কানামাক্ৰা নৈৰ কৃত্ৰিম ভাৱে জমা হৈ থকা পানীত ডুব যায় ।

স্থানীয় ৰাইজে ঘটনা স্থলীত উপস্থিত হৈ কিশোৰ দুজনক উদ্ধাৰ কৰি বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত লয় যদিও এজনক চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে আৰু আজি ৰাতিপুৱা আনজন কিশোৰৰ মৃত্যু হয় । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ আমগুৰি অঞ্চলত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।