অসম

খটখটীত বৃহৎ পৰিমাণৰ কানিসহ ২জন সৰবৰাহকাৰী আটক

Asomiya Pratidin

ডিজিটেল সংবাদ,বোকাজান : বুধবাৰে পুৱা প্ৰায় ১০-০০ বজাত খটখটী এছবি আই বেংকৰ ওচৰত আৰক্ষী আৰু চিআৰপিএফৰ যৌথ নাকা তালাচীত বৃহৎ পৰিমাণৰ কানিসহ দুজন সৰবৰাহকাৰীক আটক কৰা হয় ৷ মণিপুৰৰ পৰা হাৰিয়ানালৈ গৈ থকা ১৬ চকীয়া Ch- 01-TB-6791 ট্ৰাকখনত তালাচী চলাই কানিখিনি জব্দ কৰে।

ট্ৰাকখনৰ কেবিনৰ এটা চিটৰ তলত ২২ টা কণ্টেনাৰত লুকুৱাই আনিছিল কানিখিনি। ইয়াৰ পৰিমাণ ১১.৪৫ গ্ৰাম বুলি জানিবলৈ দিয়ে। উক্ত ঘটনাৰে জড়িত হাৰিয়ানাৰ হাকেশ সিঙ(৩০) আৰু সৎনাম সিঙ (২৪)ক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে।