অসম

লামডিঙত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুই বাইক আৰোহী

Asomiya Pratidin

ডিজিটেল সংবাদ,লামডিং : লামডিং-হাফলংৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মাটি কঢ়িয়াই নিয়া তীব্ৰেবেগী ড্ৰাম্পাৰে দুই বাইক আৰোহীক মহতিয়াই নিয়ে।

জানিব পৰা মতে লামডিং পৰা ডিমাহাছাও জিলালৈ AS - 08-9854 নম্বৰ KTM বাইকেৰে গৈ থকা অৱস্থাত মাটিভৰ্তি AS02 BC 4690 নম্বৰৰ ড্ৰাম্পাৰখনে দুই আৰোহীক মহতিয়াই লৈ যায় । দুৰ্ঘটনাতপতিত হোৱা দুয়ো আৰোহী সবজিত লান্থাচা আৰু জনিত লংমিলক স্থানীয় ৰাইজে অতি সংকটজনক অৱস্থাত লামডিং অসামৰিক চিকিৎসালয় লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিফু লৈ প্ৰেৰণ কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা ড্ৰাম্পাৰখনৰ চালকগৰাকী পলাই যাবলৈ সক্ষম হয়। অৱশ্যে ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে ড্ৰাম্পাৰখন জব্দ কৰা বুলি জানিব পৰা গৈছে।