ড্ৰাগছসহ আটক দুজন
ড্ৰাগছসহ আটক দুজন 
অসম

কচুৱাত ড্ৰাগছসহ আটক দুজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, কচুৱাঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । এইবাৰ কচুৱা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলালে অভিযান ।

গোপন সূত্ৰৰ ভিত্তিত কচুৱা থানাৰ অন্তৰ্গত বালিচৰীয়া গাঁৱত আৰক্ষীয়ে চলাইছিল এই অভিযান । অভিযানত এটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচৰ লগতে দুজনলোকক আটক কৰে আৰক্ষীয়ে ।

ড্ৰাগছ

আটকাধীন লোককেইজন ক্ৰমে ৰহিম উদ্দিন, আৰু আনুৱাৰ হুছেইন । সম্পৰ্কত দুয়ো মামা ভাগিন বুলি জনা গৈছে । সোধ-পোচৰ অন্তত দুয়োকে আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।