অসম

বিহালীত গৰুসহ ট্ৰাক জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহালীঃ আৰক্ষীয়ে জব্দ কৰিলে অবৈধভৱে সৰবৰাহ কৰা গৰুসহ ট্ৰাক। বুধবাৰে পুৱতি নিশা বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুছিঙ বেৰ নেতৃত্বত আৰক্ষীৰ দলে ৩১টা অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ এগৰাকী ট্ৰাক চালকক আটক কৰে। কৰায়ত্ব কৰা চালকজনৰ নাম ৰাজকুমাৰ পজাপতিক।

জানিব পৰা মতে পুৱা প্ৰায় ৪ বজাত গোপন সূত্ৰৰ পম খেদি বিহালী থানাৰ আৰক্ষীয়ে বিহালীৰ পৰা খেদি খেদি বিশ্বনাথ চাৰিআলিত ধৃত চালকগৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ট্ৰাক চালকগৰাকীৰ ভাষ্য অনুসৰি UP 65 BT 8150নম্বৰৰ বাহনখনেৰে অৰুণাচলৰ পাচিঘাটৰ পৰা মেঘালয়লৈ গৰুকেইটা লৈ যোৱা হৈছিল। আনহাতে বেনাৰসৰ ধৃত ট্ৰাক চালক ৰাজকুমাৰ পজাপতিক থানাত আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে বুলি জনায়।