অসম

মৰিগাঁও জিলা পুথিভঁৰালত বিকলাংগ লোকৰ সাৱলীকৰণৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া : মৰিগাঁও জিলা পুথিভঁৰালত বহু বিকলাংগ লোকৰ সাৱলীকৰণৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সাৱলীকৰণ মন্ত্ৰণালয়ৰ অধীনস্থ বিভিন্ন ধৰণৰ অক্ষমতা বা দিব্যাংগ লোকৰ সাৱলীকৰণৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

চেন্নাইত অৱস্থিত বহু বিকলাংগ লোকৰ সাৱলীকৰণৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ আৰু বৰলীয়া উৱেলফেয়াৰ চচাইটিৰ উদ্যোগত শুক্ৰবাৰে মৰিগাঁও জিলা পুথিভঁৰালত পুৱা ১০ বজাৰ পৰা সন্ধিয়া লৈকে দিনযোৰা কাৰ্যসূচীৰে অংগনবাড়ি,আশাকৰ্মী আৰু বিভিন্ন আত্মসহায়ক গোটৰ সদস্যা সকলৰ মাজত এখনি বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয়। জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই ৷

সমল ব্যক্তি হিছাপে অনুষ্ঠানত উপস্থিত থাকে সমাজ কল্যাণৰ বিভাগৰ উপ-সঞ্চালক দিপালী দেৱী,স্বাস্থ্য বিষয়া তথা মনোবিজ্ঞানী ডাঃ সংগীতা দাস,মিনাক্ষী মহন্ত,জিলা সমাজ কল্যাণ বিষয়া উৱাদুৰ ইচলাম উপস্থিত থাকি ৰাষ্ট্ৰীয় দিবাংগ অধীকাৰ আচঁনি ২০১৬ ৰ বিভিন্ন দিশ আৰু দিব্যাংগসকলৰ সৰ্বোতোপ্ৰকাৰৰ উন্নয়নৰ বাবে প্ৰশিক্ষাৰ্থীসকলৰ দায়িত্ব ,কৰ্তব্য লগতে দিব্যাংগসকলৰ বিভিন্ন সমস্যা নিৰূপণ আৰু সমাধানৰ সম্পৰ্কে আলোকপাত কৰে ৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকি নেহৰু যুৱ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক তাপস কুমাৰ প্ৰামাণিক আৰু নেহৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ গাণনিক আৰু কাৰ্যসূচী সহায়ক ধনঞ্জয় তালুকদাৰে আচঁনি খনৰ সফল ৰূপায়ণৰ বাবে সামাজিক দায়বদ্ধতা আৰু সচেতনতাৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ বহু বিকলাংগ লোকৰ সাৱলীকৰণ ৰাষ্টীয় প্ৰতিষ্ঠান চেন্নাইৰ বিষয়া হৰি মাঠাই,উদ্যোক্তা অনুষ্ঠান বৰলীয়া উৱেলফেয়াৰ চচাইটিৰ সম্পাদক অৰূপজ্যোতি ডেকা উপস্থিত থাকি আচঁনিৰ সম্পৰ্কে বিশদভাৱে ব্যাখ্যা আগবঢ়ায় ৷ প্ৰশিক্ষণৰ অন্তত উপস্থিত প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷