কিমানে জানে- আজি ঠেঙাল কছাৰীসকলৰ ‘তৰা ছিৰা বিহু'...
কিমানে জানে- আজি ঠেঙাল কছাৰীসকলৰ ‘তৰা ছিৰা বিহু'...  
অসম

কিমানে জানে- আজি ঠেঙাল কছাৰীসকলৰ ‘তৰা ছিৰা বিহু'...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি ঠেঙাল কছাৰীসকলৰ ‘তৰা ছিৰা বিহু’। সম্ভৱতঃ অসমৰ প্ৰায় ৯০ শতাংশ ৰাইজে এই বিহুৰ বিষয়ে নাজানে। এই বিহু ঠেঙালকছাৰীসকলৰ জাতীয় উৎসৱ৷

''বগীদৈ বিলৰ পৰা তৰা কাটি আনিলো

তৰাজৰী বনামে বুলি

চিটি চিটি কৰি তৰা ছিৰি গলো

ঐ ৰংদৈ ৰহিমলা...

ৰিচিপৌ চিপৌ হুৰুহ হুৰুহ হেই''

চ'ত মাহৰ দ্বিতীয় সপ্তাহৰ প্ৰথম বুধবাৰে ঠেঙ্গাল কছাৰীসকলে তৰা ছিৰা বিহু উদযাপন কৰে। প্ৰতি বছৰে এই নিৰ্দিষ্ট দিনটোত তৰা ছিৰা বিহু, কৰ্মসূচীৰে মূল ব্যক্তিজন যাক কোৱা হয় গীতঘাই তেখেতৰ নেতৃত্বত গাঁৱৰ আদহীয়া, পৌড়, ডেকাসকলো লগলাগি ক'ত হালি জালি থকা তৰাণি আছে আলচ কৰি তৰা বিছাৰি যায়।

পিতনি, গেৰেকনি, নৈ বা বিলৰ পাৰত তৰা ছিৰে। তৰা ছিৰাৰ আগতে দায়- দোষৰ পৰা হাত সাৰিবলৈ প্রথমে বিল বা তৰাগছ গজা জলাশয়ত পূৰ্বপুৰুষ বা ইষ্ট দেৱতাক স্মৰণ কৰে৷।

এই ছিৰা তৰাবোৰ তেওঁলোকে মুঠা বান্ধি ঘৰলৈ আনোঁতে, বিলত বা তৰানিত পোৱা চেংমৰাৰ ঢেঁকীয়া, কচু, আদি বনশাক বুটলি আনে। চ'ত মাহত আমৰলি টোপবোৰো পুৰঠ হয় সেই বাহবোৰো ভাঙি সংগ্রহ কৰি আনে।

তৰাগছৰ লগত এইবোৰ সংগ্রহ কবি আনি গাঁৱৰ মুখিয়ালৰ ঘৰলৈ আহে। তৰাগছ কাটি হ'লে প্রতিজনে দুমুঠাকৈ তৰা বান্ধে। উল্লেখযোগ্য যে, প্রতিজনে সংগ্রহ কৰা তৰাগছৰ এমুঠা নিজৰ ঘৰৰ বাবে আৰু আনটো মুঠা ৰাইজৰ বাবে সংগ্রহ কৰে। সামাজিক দায়বদ্ধতা আৰু ভাতৃত্ববোধৰ ই এক মোহনীয় নিদৰ্শন।

নাচি বাগি উল্লাস কৰাৰ পিছত তৰা সংগ্রহৰ সময়ত ধৰি অনা মাছ, কাছ, কুচিয়া, কেঁকোৰা, জিপাং, আদি ভাছি ঠেঙ্গাল কছাৰীসকলে পৰম্পৰাগতভাৱে চাউলৰ পৰা প্রস্তুত কৰা জনজাতীয় পানীয় 'হেৰেকা'ই ৰাইজক আপ্যায়ন কৰা হয়। গৃহস্থীয়ে কলহৰ পৰা কাঁহৰ চৰিয়াত 'হেৰেকা' আনি, হাতীখুজীয়া বাটিত খাবলৈ দিয়ে।হেৰেকা খাই উঠি, তৰাছিৰা শুকাবলৈ দি সকলো ৰাইজে বিদায় লয়।

তৰা শুকালে পুনৰ লগ হৈ তৰাপঘা একেলগে বাটি ঘৰে ঘৰে বিতৰণ কৰে। তৰাৰ পঘাবোৰ তিনিডাল আঁহ কৰি পকাই পকাই বান্ধে। মাজে মাজে তুলসী আৰু ভাঙৰ আগ ভৰায় দিয়ে। পঘাবোৰ গধূলি ঘৰে ঘৰে বিলাবলৈ যায়।

ঘৰে ঘৰে পঘা বিলাবলৈ যাওঁতে বিহুনাম গাই তৰাছিৰা বিহু পালন কৰে। গৰু-ম'হক পিন্ধাবৰ বাবে তৰা পঘাবোৰ এখিলা কলপাতত গৃহস্থীক আগবঢ়াই দিয়ে। কৃষিজীৱী ঠেঙ্গালৰ আপোন তৰাছিৰা বিহু গৰু বিহুৰ দিনা সামৰণি পৰে।

তৰা-ছিৰা-বিহু নহ'লে বৃহত্তৰ অসমীয়া সমাজে গৰুবিহু পালন কৰা কঠিন কাম হ'লহেঁতেন, নতুন পঘা নহ'লে গৰু বিহু নহয়৷ যিকোনো উৎসৱ উদযাপনৰ স্বাধীনতা থাকিলেও আমদানিকৃত উৎসৱতকৈ থলুৱা উৎসৱক অগ্ৰাধিকাৰ দি আমাৰ ৰাজ্যৰ চহকী সাংস্কৃতিক ঐতিহ্যক আকোৱালি ল’ব নোৱাৰি নে?