অসম

জনতাক মাধমাৰ! এপ্ৰিলৰ পৰা পুনৰ বৃদ্ধি পাব টোল কৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পৰিৱৰ্তনৰ শ্ল’গানেৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ শেহতীয়া সিদ্ধান্তই ৰামটাঙোন সোধাব সাধাৰণ জনতাক৷ পুনৰ ৰাজ্যৰ টোলগেট সমূহত বৃদ্ধি পাব টোল কৰ ৷ ১ এপ্ৰিলৰ পৰা ১০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব টোলগেটৰ মাচুল ৷ শেহতীয়া নতুন নিৰিখ অনুসৰি বাণিজ্যিক বাহনত বৃদ্ধি পাব ৬৫ টকাকৈ ৷ ব্যক্তিগত বাহনত মাচুল বৃদ্ধি পাব ১৫ টকাকৈ৷

 শেহতীয়াকৈ ঘাইপথ প্ৰাধিকৰণৰ নিয়ম ভংগ কৰি অসমত চাৰিখনকৈ টোল গেট নিৰ্মাণৰ অভিযোগ উত্থাপিত হৈছে ৷ মদনপুৰ আৰু নাজিৰাখাটত টোলগেটৰ মাজৰ ব্যৱধান ৫৯ কিলোমিটাৰ ৷ দাহালপাৰা পাটগাৱত স্থাপন হোৱা টোলগেটৰ ব্যৱধান  ৫৪ কিলোমিটাৰ, মিকিৰআটি আৰু ৰহা টোলগেটৰ মাজৰ ব্যৱধান ৫৩ কিলোমিটাৰ, গলিয়া আৰু দাহাল পাৰাত স্থাপন হোৱা টোলগেটৰ ব্যৱধান ৪৬ কিলোমিটাৰ৷

 কেন্দ্ৰীয় গড়কাপ্তানী মন্ত্ৰীয়ে মন্তব্য কৰা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথত ৬০ কিলোমিটাৰ দূৰত্বত নিৰ্মাণ হ'ব লাগিব প্ৰতিখন টোলগেট ৷ নীতিবৰ্হিভূত টোলগেট ভাঙি পোলোৱা হ’ব বুলি সংসদত মন্তব্য কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে৷ কিন্তু সেই টোলগেট সমূহ ভাঙি পেলোৱাৰ পৰিৱৰ্তে টোল কৰ বৃদ্ধি কৰা ঘটনাই ৰাইজৰ মাজত সমস্যাৰ সৃষ্টি কৰিব।